মাৰ্ঘেৰিটাত সেনা-আৰক্ষীৰ জালত এন এছ চি এন (আই-এম)ৰ লেন্স কৰ্পৰেল

arrest11

প্রতিনিধিত্বমূলক ফটো

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত আজি সেনা আৰু আৰক্ষীয়ে যুটীয়া অভিযানত নাগালেণ্ডৰ সশস্ত্ৰ বিদ্ৰোহী গোট এন এছ চি এন (আই এম)ৰ এজন লেন্স কৰ্পৰেলক আটক কৰিছে।

আটক হোৱা বিদ্ৰোহীজনৰ নাম থাংমিছ খাচাক(২৭) ওৰফে ৱাংলিং খাচাক ওৰফে আছো খাচাক।

খাচাকক মাৰ্ঘেৰিটা সীমামূৰীয়া অৰুণাচল প্ৰদেশৰ নামটকৰ পৰা এখন নাম্বৰবিহীন হিৰ’ মটৰ চাইকেলেৰে নামদাং চাহ বাগিচাৰ পথেৰে মাৰ্ঘেৰিটাৰ দিশলৈ আহি থকা অৱস্থাত আটক কৰা হয়। নাগা বিদ্ৰোহীজনৰ ঘৰ মণিপুৰ ৰাজ্যৰ উখৰুল জিলাত।

আৰক্ষীৰ সূত্ৰই জনোৱামতে, খাচাকৰ উপস্থিতিৰ বিষয়ে গোপন সূত্ৰৰ পৰা অৱগত হৈছিল আৰু সেনাৰ ৯নং ৰাজপুত ৰাইফল আৰু মাৰ্ঘেৰিটা আৰক্ষীৰ এটা যুটীয়া দল তেওঁক ধৰিবৰ বাবে খাপ পিটি আছিল।

বিদ্ৰোহীজনৰ পৰা আৰক্ষীয়ে ইটালিত নিৰ্মিত এটা পইণ্ট থ্ৰী টু পিষ্টল, ৫ জাঁই সক্ৰিয় গুলী, ২৫ হাজাৰ নগদ ভাৰতীয় টকাৰ লগতে বহু আপত্তিজনক নথিপত্ৰ জব্দ কৰে।

আৰক্ষীয়ে নাগা বিদ্ৰোহীজনৰ বিৰুদ্ধে ২০৯/২০১৯ নম্বৰত এটা গোচৰ ৰুজু কৰি  অধিক তথ্যৰ  বাবে জেৰা অব্যাহত ৰাখিছে।