অসম-নাগালেণ্ড সীমান্তত স্বয়ম্ভূ এন এছ চি এন (আই এম)ৰ কেডাৰ আটক

NSCN-IM-1-750x375

নিৰাপত্তাৰক্ষীৰ অভিযানত আটক হোৱা এন এছ চি এনৰ কেডাৰগৰাকী

অসম-অৰুণাচলপ্ৰদেশ আৰু নাগালেণ্ডত সন্ত্ৰাসাদী কাৰ্য্যকলাপ বৃদ্ধিৰ ক্ষেত্ৰত আগভাগ লৈ থকা উগ্ৰপন্থী সংগঠন এন এছ চি এন (আই এম)ৰ এগৰাকী স্বয়ম্ভূ মেজৰক অস্ত্ৰ-সস্ত্ৰসহ নিৰাপত্তাৰক্ষী বাহিনীয়ে গ্ৰেপ্তাৰ কৰে।

বিশেষ সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত সেনাবাহিনী, অমস ৰাইফলছ আৰু অসম আৰক্ষীৰ সন্মিলিত অভিযানত নিৰ্দিষ্ট অঞ্চলত অভিযান চলাই কেডাৰগৰাকীক আটক কৰিবলৈ সক্ষম হয়।

দেওবাৰে পুৱতি নিশা প্ৰায় ৩.৩০ মান বজাত অভিযানকাৰী নিৰাপত্তাৰক্ষী বাহিনীৰ দলটোৱে নামতোলা-জামপান পথত গৈ থকা এখন বাহন ৰখাই আৰু এন এছ চি এনৰ দুৰ্ধৰ্ষ কেডাৰজনক আটক কৰিবলৈ সক্ষম হয়।

আটক কৰা এন এছ চি এন(আই এম)ৰ স্বয়ম্ভূ কেডাৰগৰাকী মেজৰ আনোক ৱাংগছা বুলি চিনাক্ত কৰা হৈছে। ৱাংগছাই লংদিং-চৰাইদেওঁ-ম’ন অঞ্চলৰ এৰিয়া কামাণ্ডাৰ হিচাপে এন এছ চি এন(আই এম)ৰ হৈ কাম কৰি আছিল।

আটক হোৱা কেডাৰগৰাকী সেনা বাহিনীয়ে চলাই থকা উগ্ৰপন্থী বিৰোধী অভিযানৰ এক সফলতা বুলি সেনা বাহিনীয়ে প্ৰকাশ কৰে।

সেনাবাহিনীৰ সূত্ৰই নৰ্থ-ইষ্ট নাওক জনোৱা অনুসৰি আটক হোৱা মেজৰ ৱাংগছা এন এছ চি এন (আই এম)ৰ মেজৰ জেনেৰেল এবচোলোম তাংখুলৰ ঘনিষ্ঠ। তাংখুল অৰুণাচলৰ বিধায়ক তিৰং আবোৰ হত্যাৰ মূল মাষ্টাৰ মাইণ্ড।

তিৰং আবোক তিৰাপ জিলাৰ বগাপানীত ১১ গৰাকী সতীৰ্থৰ সৈতে গুলীয়াই হত্যা কৰা হৈছিল।

আনহাতে, আটক হোৱা উগ্ৰপন্থীগৰাকীৰ পৰা বৃহ্যৎ পৰিমানৰ অস্ত্ৰ-শস্ত্ৰ জব্দ কৰা হয়। কেডাৰগৰাকীয়ে অসম-অৰুণাচল সীমান্তত থকা তেওঁৰ গৃহত আৰু অধিক পৰিমানৰ অস্ত্ৰ-শস্ত্ৰ জমা আছে বুলি জেৰাৰ সময়ত উল্লেখ কৰে।

আটকাধীন কেডাৰগৰাকীৰ স্বীকাৰোক্তিৰ ভিত্তিত অভিযান চলাই সেনাই তেওঁৰ বাসগৃহৰ পৰা এ কে-৫৬ ৰাইফল, পাঁচ লাখ টকাকে ধৰি আন বহুতো অস্ত্ৰ-শস্ত্ৰ আৰু আপত্তিজনক নথি-পত্ৰ জব্দ কৰে।