বৰাকত নৰেন্দ্ৰ মোদীৰ চৰকাৰক কঠোৰ সমালোচনা গোলাম নবী আজাদৰ

গোলাম নবী আজাদৰ ফাইল ফটো। উৎস- ইণ্টাৰনেট

লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যত ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী তৎপৰতা ক্ৰমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।  দুদিনীয়া কাৰ্য্যসূচীৰে অসমত উপস্থিত হৈছে কংগ্ৰেছৰ বৰ্ষীয়ান নেতা গোলাম নবী আজাদ। শিলচৰত দলীয় সভাত অংশগ্ৰহণ কৰি গোলাম নবী আজাদে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনৰ বিৰুদ্ধে সমালোচনাত সৰৱ হৈ পৰে।

সংবাদ মাধ্যমৰ সৈতে হোৱা মুখামুখিত গোলাম নবী আজাদে মোদী চৰকাৰে জনসাধাৰণক দিয়া প্ৰতিশ্ৰুতিসমূহ পালনত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বুলি কয়। বিদেশত জমা হৈ থকা ক’লা ধন ওভতাই আনিম বুলি কোৱা নৰেন্দ্ৰ মোদীয়ে ক’লা ধন ওভতাই আনিবলৈ সক্ষম নহ’ল। নিৱনুৱাৰ সংখ্যাই ভয়াৱহ ৰূপ ধাৰণ কৰিলে বিজেপি চৰকাৰৰ দিনত, বিমুদ্ৰাকৰণ আৰু জি এছ টিৰ ফলত দেশৰ ব্যৱসায়ীসকল লোকচানৰ সন্মুখীন হৈছে বুলিও গোলাম নৱী আজাদে মন্তব্য কৰে।

আনহাতে, কাশ্মীৰ প্ৰসংগত মোদী চৰকাৰৰ স্থিতি সম্বন্ধে সোধা এক প্ৰশ্নৰ উত্তৰত কংগ্ৰেছ নেতাগৰাকীয়ে বিজেপি চৰকাৰৰ দিনত কাশ্মীৰৰ অভ্যন্তৰীণ আইন-শৃংখলাৰ অৱনতি ঘটা বুলি কয়। ২০১৪ চনলৈ কাশ্মীৰৰ পৰিবেশৰ উন্নতি ঘটিছিল আৰু ৰাজ্যখনত উন্নয়নৰ কাম-কাজ আৰম্ভ হৈছিল। কিন্তু বিজেপি চৰকাৰ অহাৰ পাছত পুনৰ কাশ্মীৰত উগ্ৰবাদী কাৰ্য্যকলাপ বৃদ্ধি পালে। মোদী চৰকাৰৰ দিনত বহু সংখ্যক সেনা বাহিনীৰ জোৱান কাশ্মীৰত চহিদ হ’ল আৰু সীমান্তত ৫০০০ বাৰতকৈও অধিক যুদ্ধ বিৰতি উলংঘা কৰা হ’ল বুলি কেন্দ্ৰীয় চৰকাৰক তীক্ষ্ণ সমালোচনা কৰে আজাদে।