প্ৰদীপ শালৈ গুৱাহাটীৰ নতুন আৰক্ষী আয়ুক্ত, বিশেষ শাখাৰ মহাপৰিদৰ্শক পদলৈ হীৰেণ নাথ

Pradip Haloi

গুৱাহাটীৰ নতুন আৰক্ষী আয়ুক্ত প্ৰদীপ শালৈ।

গুৱাহাটী মহানগৰ আৰক্ষীৰ নতুন আয়ুক্ত হিচাপে দায়িত্ব লাভ কৰিছে শীৰ্ষ আৰক্ষী বিষয়া প্ৰদীপ শালৈয়ে। অসম চৰকাৰৰ গৃহ বিভাগৰ এক নিৰ্দেশনাযোগে শালৈক এই পদত নিয়োগ কৰা হৈছে।

উল্লেখ্য যে, ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া শালৈ বৰ্তমান অসম আৰক্ষীৰ প্ৰশাসনিক শাখাৰ মহাপৰিদৰ্শক হিচাপে কৰ্মৰত হৈ আছে। আৰক্ষী আয়ুক্ত হিচাপে দায়িত্বভাৰ গ্ৰহণৰ লগে লগে তেওঁ হ’ব মহানগৰ আৰক্ষীৰ চতুৰ্থজন আৰক্ষী আয়ুক্ত।

ইপিনে, আৰক্ষী আয়ুক্ত হীৰেণ চন্দ্ৰ নাথক অসম আৰক্ষীৰ বিশেষ শাখাৰ মহাপৰিদৰ্শক হিচাপে বদলি কৰা হৈছে।  ১৯৯৬ বৰ্ষৰ অসম কেডাৰৰ আই পি এছ বিষয়া হীৰেণ চন্দ্ৰ নাথে ২০১৬ চনত গুৱাহাটীৰ আৰক্ষী আয়ুক্ত হিচাপে দায়িত্ব লাভ কৰিছিল। যোৱা ২৬ আগষ্টত তেওঁ আৰক্ষী আয়ুক্ত হিচাপে দুটা বছৰ সম্পূৰ্ণ কৰিছিল।

অসম চৰকাৰৰ গৃহ বিভাগৰ সচিব ড০ দীপক মজুমদাৰে জাৰি কৰা নিৰ্দেশনাযোগে আৰক্ষীৰ শীৰ্ষ মহলত এই সাল-সলনিৰ কথা প্ৰকাশ কৰা হৈছে।