জ্যেষ্ঠ সাংবাদিক আছিফ ইব্ৰাহিম আৰু নাই

নিষ্ঠা আৰু অন্তৰ্দৃষ্টিসম্পন্ন সাংবাদিকতাৰ বাবে খ্যাত অসমৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক আছিফ ইব্ৰাহিম আৰু নাই। সোমবাৰে শিৱসাগৰত শেষ চকু মুদে সাংবাদিকগৰাকীয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৩ বছৰ।

তেওঁৰ মৃত্যুত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বিশেষকৈ অসমৰ সাংবাদিক সমাজ শোকত ভাগি পৰিছে।

অসমৰ বিখ্যাত গীতিকাৰ ইদ্ৰিছ আলীৰ পুত্ৰ আছিফ ইব্ৰাহিমৰ দুটা দশকৰো অধিক সময় সাংবাদিকতাৰ লগত জড়িত আছিল।

নিউজ লাইভ, ইষ্টাৰ্ণ ক্ৰনিকল, নৰ্থইষ্ট নাও, দ্য চেণ্টিনেল, আৰু প্ৰাইম নিউজকে ধৰি অসমৰ বিভিন্ন সংবাদ মাধ্যমত তেওঁ উল্লেখযোগ্য অৱদান আগবঢ়াইছিল।

সাংবাদিকতাৰ সততাৰ প্ৰতি থকা তেওঁৰ দায়বদ্ধতা আৰু সত্যৰ সন্ধানৰ বাবে তেওঁ সহকৰ্মী আৰু পাঠকৰ সন্মান আৰু প্ৰশংসা লাভ কৰিছিল।

মঙলদৈ জিলাত জন্মগ্ৰহণ কৰা আছিফ ইব্ৰাহিম আছিল সন্মানীয় কটন কলেজ প্ৰাক্তন ছাত্ৰ।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল সাংবাদিকগৰাকীয়ে।

সাংবাদিক জীৱনত আছিফ ইব্ৰাহিমে স্থানীয় ৰাজনীতিৰ পৰা আৰম্ভ কৰি আৰ্থ-সামাজিক উন্নয়নলৈকে বিভিন্ন বিষয়ৰ প্ৰতি তীক্ষ্ণ নজৰ ৰাখিছিল।

মৃত্যুৰ সময়ত তেওঁ পিতৃ, পত্নী আৰু পুত্ৰক এৰি থৈ যায়।