বিস্ফোৰক অভিযোগৰে ডিমা হাচাওৰ মুৰব্বী আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে মনজিত মহন্তৰ সংবাদমেল

‘এজন হত্যাকাৰী কেতিয়াও ডিমা-হাচাওৰ মুৰব্বী হৈ থাকিব নোৱাৰে’-মনজিৎ মহন্ত

Manjit Mahanta VS Debolal

ডিমা হাচাওৰ মুৰব্বী দেবলাল গাৰ্লোছা আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগৰে জ্যেষ্ঠ সাংবাদিক তথা আঞ্চলিক গণ মৰ্চাৰ সমন্বয়ক মনজিত মহন্তই নিজ বাসগৃহত সংবাদমেল সম্বোধন কৰে।

উক্ত সংবাদমেলত দেবলাল গাৰ্লোছা ওৰফে ডেনিয়েল ডিমাছাৰ বিৰুদ্ধে বহু ৰাজনৈতিক হত্যাকাণ্ডৰ অভিযোগ আছে বুলি দাবী কৰি মনজিৎ মহন্তই লগতে কয় ‘বিজেপিৰ পৰা নিৰ্বাচনৰ সময়ত কোটিৰ ঘৰত টকা লৈ তেওঁলোকে বিৰোধী পক্ষৰ ওপৰত বিভিন্নধৰণৰ ভাবুকি আক্ৰমণ ইত্যাদি চলাইছিল।এনে এজন হত্যাকাৰী বা বলপূৰ্বক ধন সংগ্ৰহকাৰী আৰু সন্ত্ৰাসবাদীক ডিমা হাচাও স্বায়ত্ত শাসিত পৰিষদৰ মুৰব্বী হিচাপে বাহাল ৰাখিছে বিজেপিয়ে।‘

২০০৭ চনত পৰিষদৰ কংগ্ৰেছৰ দুগৰাকীকৈ নেতাক হত্যা কৰা বুলি দেবলাল ওৰফে ডেনিয়েলৰ বিৰুদ্ধে অভিযোগ আছে বুলি মহন্তই কয়।

‘দেবলালৰ নিৰ্দেশত গেলামলাই পুৰ্নেন্দু লাংথাচাক গুলিয়াই হত্যা কৰাৰ লগতে নিন্দু লাংথাছাক দেবলালে নিজে হত্যা কৰিছিল বুলি চেচন আদালতত ৰাজসাক্ষী দিছিল। ঘটনাস্থলীত উপস্থিত থকা দেবলাল গাৰ্লোছাৰ সহকৰ্মী DHD(J) নিকুট ৰাইজ’ ওৰফে একচন ডিমাছা ওৰফে ডেভিদ কেম্প্ৰাই ৰাজসাক্ষী হিচাপে গাৰলৌচাৰ বিৰুদ্ধে আদালতত যিসমূহ স্বাক্ষ দিছে সেই সাক্ষ্য দেখিলে ক’ব পাৰি যে কংগ্ৰেছ নেতা দুগৰাকীৰ হত্যাকাৰী দেবলাল গাৰ্লোছা আৰু তেওঁৰ সতীৰ্থ DHD কেডাৰ গেলামলা।‘ সংবাদমেলত এই কথা উনুকিয়াই মহন্তই এইদৰে কয়।

মনজিৎ মহন্তৰ প্ৰশ্ন ‘এজন ৰাজসাক্ষীয়ে চেছন আদালত বিচাৰপতিৰ সন্মুখত ভয়ংকৰ ৰাজসাক্ষী দিয়াৰ পাছত দেবলাল কেনেকৈ চি.ই.এম হৈ আছে?’

ইয়াৰোপৰি ‘এই হত্যাকাণ্ডৰ পাছত তদন্ত হ’ল, শ্বাৰ্জশ্বীট প্ৰস্তুত কৰিলে কিন্তু আদালতত শ্বাৰ্জশ্বীট দাখিল কৰিব নোৱাৰিলে’ বুলি উল্লেখ কৰি মহন্তই লগতে কয় ‘কিয়নো ৰাজ্য চৰকাৰে অনুমোদন নিদিলে। ৰাজ্য চৰকাৰে তিনিবছৰ ধৰি অনুমোদন নিদিয়াকৈ পেলাই থৈ দিলে কিয়? উপায়ন্তৰ হৈ পুৰ্নেন্দু লাংথাছাৰ পুত্ৰই উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাত এইক্ষেত্ৰত উচ্চ ন্যায়ালয়ে হস্তক্ষেপ কৰাৰ পাছত ৰাজ্য চৰকাৰে অনুমোদন দিলে।‘

‘শ্বাৰ্জশ্বীট দাখিল কৰাৰ পাছতো এতিয়ালৈকে ডিমা-হাচাওৰ চি.ই.এম হৈ আছে দেবলাল। দুটা-তিনিটা হত্যাৰ দৰে ভয়ংকৰ অভিযোগ থকাৰ পাছতো সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰে চি.ই.এম হৈ আছে।‘

মনজিত মহন্তৰ মতে ‘বিজেপি চৰকাৰ হত্যাকাৰী, লুন্ঠনকাৰী আৰু ধনদাবী কৰা এখন চৰকাৰ। নহ’লে দেবলালক তেওঁলোকে কেতিয়াও প্ৰশ্ৰয় নিদিয়ে।‘

ইপিনে দেবলাল গাৰ্লোছাক মুখ্য কাৰ্য্যবাহী সদস্য পাতি থোৱাৰ কাৰণ বাখ্যা কৰি মহন্তই কয় ‘ডিমা-হাচাওত চোৰাং কয়লাৰ বেপাৰ চলি আছে। ডিমা হাচাওৰ ৫০০০ বিঘা মাটিৰ চূণশিলৰ এটা ভাণ্ডাৰ আছে। তাৰে ৫০০ বিঘা চিমেন্ট কোম্পানীৰ লিজত আছে। হিমন্ত বিশ্ব শৰ্মাৰ বিশ্বস্ত মন্ত্ৰীৰ ৪৫০০ বিঘা মাটিৰ ওপৰত চকু আছে। দুই-চাৰিদিনৰ ভিতৰত এই নাম ৰাজহুৱা কৰি দিম। সেয়েহে মিলিজুলি হত্যাৰ সৈতে অভিযুক্ত দেবলালক ৰক্ষণাবেক্ষণ দিছে। এতিয়াও যদি কাৰোবাক গুলিয়াই হত্যা কৰে তেন্তে তেওঁক এতিয়াও বিজেপিয়ে ৰক্ষণাবেক্ষণ দিব।‘

সংবাদমেলত মহন্তই চৰকাৰলৈ দাবী জনাই কয় ‘ডিমা হাচাওত নতুনকৈ নিৰ্বাচন অনুষ্ঠিত কৰি চৰকাৰ গঠন কৰিব লাগে। এজন হত্যাকাৰী কেতিয়াও ডিমা হাচাওৰ মুৰব্বী হৈ থাকিব নোৱাৰে। দেবলালৰ কব্জাৰ পৰা ডিমা হাচাও স্বায়ত্ত শাসিত পৰিষদ মুক্ত কৰিব লাগে।‘

অৱশ্যে, মনজিৎ মহন্তই কৰা এই গুৰুতৰ অভিযোগৰ পাছতে আমি দেবলাল গাৰ্লোছাৰ প্ৰতিক্ৰিয়া ল’বলৈ যোগাযোগ কৰিছিলো যদিও তেওঁৰ সৈতে যোগাযোগ সম্ভৱ নহ’ল।