হাইলাকান্দিত সাতটা ক’লা প্ৰাইমেটক উদ্ধাৰ: দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

Seven endangered apes rescued

ৰাজ্যৰ বিভিন্ন প্ৰান্তত শেহতীয়াকৈ বন্য জন্তুৰ অবাধ সৰবৰাহ চলাই থকা কেইবাটাও চক্ৰ আৰক্ষীৰ হাতত ধৰা পৰিছে। স্থানীয় জন্তুৰ লগতে এই চোৰাং চক্ৰসমূহৰ পৰা আৰক্ষীয়ে বহু বিদেশী জন্তুও উদ্ধাৰ কৰিছে।

এইবাৰ আৰক্ষীৰ এক অভিযানত হাইলাকান্দিত উদ্ধাৰ হৈছে সাতটাকৈ ক’লা প্ৰাইমেট। সোমবাৰে নিশা আৰক্ষীয়ে প্ৰায় ১০ কিলোমিটাৰ খেদি গৈ এই জন্তু কেইটাক উদ্ধাৰ কৰাৰ লগতে জন্তুকেইটাক সৰবৰাহ কৰা দুগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰে।

প্ৰকাশিত খবৰ অনুসৰি, আৰক্ষীয়ে নিশা ৰামনাথপুৰ আউটপ’ষ্ট অঞ্চলৰ এটা চেকপইণ্টত এখন বাহন আটক কৰিছিল। বাহনখন পৰীক্ষা কৰাৰ সময়ত আৰক্ষীয়ে বাহনৰ ভিতৰত কিছুমান বাকচ দেখা পায়।

বাহনখনৰ আৰোহীসকলক সেই বাকচসমূহত কি আছে দেখুৱাবলৈ আৰক্ষীয়ে নিৰ্দেশ দিয়ে যদিও বাহনখনত থকা ব্যক্তিকেইগৰাকীয়ে আৰক্ষীৰ নিৰ্দেশ আওকাণ কৰি পলাই যাবলৈ চেষ্টা কৰে।

লগে লগে আৰক্ষীয়েও বাহনখনৰ পিছ লয় আৰু প্ৰায় ১০ কিলোমিটাৰ পথ খেদি যোৱাৰ পিছত আৰক্ষীয়ে বাহনখন ধৰিবলৈ সক্ষম হয়।

হাইলাকান্দি আৰক্ষীয়ে জানিবলৈ দিয়া মতে জব্দকৃত বাহনখন মিজোৰামৰ পৰা অসমত প্ৰৱেশ কৰিছিল। বাহনখনত থকা দুয়োগৰাকী ব্যক্তিকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীয়ে লগতে উল্লেখ কৰা মতে দুয়োগৰাকী ব্যক্তি ভাৰতীয় নাগৰিক যদিও জন্তুকেইটা ম্যানমাৰৰ পৰা চোৰাংকৈ অনা হৈছিল বুলি সন্দেহ কৰা হৈছে। উদ্ধাৰ হোৱা জন্তুকেইটা বিপদাপন্ন প্ৰজাতিৰ বুলি আৰক্ষীয়ে লগতে সদৰী কৰিছে।

দুই ধৃত ব্যক্তিক জেৰা কৰাৰ পিছত বাহনখন মেঘালয় অভিমুখে গৈ আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে। ইতিমধ্যে জন্তুবোৰক গুৱাহাটী চিৰিয়াখানালৈ প্ৰেৰণ কৰা হৈছে বুলি আৰক্ষীৰ এগৰাকী বিষয়াই লগতে কয়।