ৰঙিয়াৰ জৱাহৰ নৱোদয় বিদ্যালয়ত সংঘটিত হৈছে ভয়ানক কাণ্ড। বিগত তিনিমাহ ধৰি ষষ্ঠ শ্ৰেণীৰ এগৰাকী ছাত্ৰক একাদশ শ্ৰেণীৰ কেইজনমান ছাত্ৰই যৌন নিৰ্যাতন চলাই অহাৰ অভিযোগ উত্থাপন হৈছে।
অভিযোগৰ ভিত্তিত ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে একাদশ শ্ৰেণীৰ ৭ গৰাকী ছাত্ৰক।
ভুক্তভোগী আৰু অভিযুক্ত আটাইকেইজন নাবালক আৰু জৱাহৰ নৱোদয় বিদ্যালয়ৰ ছাত্ৰাবাসৰ বাসিন্দা।
ভুক্তভোগী ছাত্ৰজনে পিতৃ-মাতৃক এই ঘটনাৰ বিষয়ে অৱগত কৰাৰ পিছতেই এই ঘটনা পোহৰলৈ আহে ।
ভুক্তভোগী ছাত্ৰজনৰ পিতৃ-মাতৃয়ে এই বিষয়ে বিদ্যালয়ৰ কৰ্তৃপক্ষক জনোৱাৰ পিছত বিদ্যালয়ৰ অধ্যক্ষই আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।
আৰক্ষীয়ে ৭ গৰাকী ছাত্ৰক কিশোৰ আদালতত হাজিৰ কৰাৰ পিছত তেওঁলোকক ১৪ দিনৰ বাবে সংশোধন গৃহলৈ প্ৰেৰণ কৰা হয়।
কৰ্তৃপক্ষই ভুক্তভোগী ছাত্ৰজনৰ চিকিৎসা পৰীক্ষা কৰাৰ লগতে অভিযুক্ত আৰু বিদ্যালয়ৰ কৰ্মচাৰীসকলৰ বক্তব্য সংগ্ৰহ কৰে ।
তদন্তকাৰীয়ে ইতিমধ্যে ছাত্ৰাবাস আৰু বিদ্যালয় চৌহদৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰিছে। তদন্ত চলি আছে।