বোকাখাতত শ্বহীদ কমলা মিৰি, বিজু বাউৰী, শিল্পী আইদেউ সন্দিকৈ, বীৰাংগনা সতী সাধনী আৰু সতী ৰাধিকাৰ প্ৰতিমূর্তি উন্মোচন

IMG-20220206-WA0033

ফটো: নৰ্থইষ্ট নাও।

দেওবাৰে বোকাখাতৰ মহকুমাধিপতিৰ কাৰ্য্যালয়ৰ প্ৰাংগনত নিৰ্মাণ কৰা স্মৃতি উদ্যানত প্ৰতিষ্ঠা কৰা শ্বহীদ কমলা মিৰি,শ্বহীদ বিজু বাউৰী, শিল্পী আইদেউ সন্দিকৈ, বীৰাংগনা সতী সাধনী আৰু সতী ৰাধিকাৰ প্ৰতিমূৰ্তি আনুষ্ঠানিকভাৱে উন্মোচন কৰে কৃষি, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্রী তথা বোকাখাত বিধানসভা সমষ্টিৰ বিধায়ক অতুল বৰাই৷

লগতে মহকুমাধিপতি কাৰ্য্যালয়ৰ অতিথি প্ৰতীক্ষা কক্ষৰো উদ্বোধন কৰে মন্ত্ৰী গৰাকীয়ে ৷

এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী অতুল বৰাই  প্ৰতিমূৰ্তি স্থাপনৰ জৰিয়তে জাতি তথা দেশৰ হকে কাম কৰি যাবলৈ নৱ প্ৰজন্মৰ মাজত অনুপ্ৰেৰণা যোগাব বুলি মন্তব্য কৰে। লগতে স্মৃতি উদ্যান তথা প্ৰতিমূৰ্তি স্থাপনৰ লগত জড়িত সকলো লোকক তেওঁ আন্তৰিক কৃতজ্ঞতাও জ্ঞাপন কৰে।

লগতে পঢ়ক: শিৱসাগৰ জতকীয়াৰ চাৰিআলি অ’এন জি চি-জিজিএছত নিশা ভয়ংকৰ অগ্নিকাণ্ড

এই অনুষ্ঠানতে মন্ত্ৰীগৰাকীয়ে অসম দৰ্শন আঁচনিৰ অধীনত দহটা নামঘৰলৈ আৰ্থিক অনুমোদন পত্ৰও  প্ৰদান কৰে।

দেশৰ কোকিলকণ্ঠী গায়িকা ভাৰতৰত্ন লতা মংগেশকাৰৰ মৃত্যুত মন্ত্ৰীগৰাকীয়ে শোক প্ৰকাশ কৰাৰ লগতে তেখেতৰ আত্মাৰ সদগতিৰ অৰ্থে এই অনুষ্ঠানত এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰে।

অনুষ্ঠানত আদৰণি ভাষণ আগবঢ়ায় বোকাখাত মহকুমাৰ মহকুমাধিপতি ডা: নেহা যাদব আৰু শলাগৰ শৰাই আগবঢ়ায় সহকাৰী আয়ুক্ত ঋতুপৰ্ণা দাসে।

লগতে পঢ়ক:যোৰহাটৰ নিমাতি ঘাটত পুনৰ এক অঘটন; কন্যাসহ আত্মহত্যাৰ চেষ্টা মাতৃৰ

অনুষ্ঠানত শ্বহীদ তথা শিল্পীৰ পৰিয়ালৰ আত্মীয়, বোকাখাত মহকুমা বিষয়া-কৰ্মচাৰীসকলৰ উপৰিও বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকে।