Students Clash in JNU: পুনৰ ৰক্তাক্ত JNU! ছাত্ৰ সংগঠনৰ সংঘৰ্ষত আহত কেইবাগৰাকীও শিক্ষাৰ্থী

JNU clash

ফটো সৌজন্য : টুইটাৰ।

Students Clash in JNU পুনৰ ২০২০ৰ পুনৰাবৃত্তি যেন দেখিবলৈ পোৱা গৈছে দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় চমুকৈ JNUতABVP আৰু বাওঁপন্থী ছাত্ৰ সংগঠনৰ মাজৰ সংঘৰ্ষত উত্তাল হৈ পৰিছে বিশ্ববিদ্যালয়খনৰ চৌহদ।

দেওবাৰে নিশা বিশ্ববিদ্যালয়খনৰ চৌহদতেই বাওঁপন্থী আৰু সোঁপন্থী শিক্ষাৰ্থীৰ মাজত হতাহতিৰ ঘটনাত কেইবাগৰাকীও শিক্ষাৰ্থী আহত হয়।

বিশ্ববিদ্যালয়খনৰ ছাত্ৰ সভাৰ সভানেত্ৰী ঐশী ঘোষে অভিযোগ কৰা মতে AISA আৰু SFIৰ শিক্ষাৰ্থীসকলৰ ওপৰত ABVPৰ কৰ্মীয়ে আক্ৰমণ চলায়। বিশ্ববিদ্যালয়খনৰ ভিতৰত সংগঠন দুটাৰ একাধিক সদস্যক গুৰুতৰভাৱে প্ৰহাৰ কৰা হৈছে।

আনহাতে, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ চমুকৈ ABVPয়েও ওলোটাই অভিযোগ কৰি কয় যে ষ্টুডেন্ট এক্টিভিট ৰুমৰ ভিতৰত এখন সভা চলি থকাৰ সময়ত বাঁওপন্থী ছাত্ৰসকল হঠাতে সোমাই সভা ভাঙিবলৈ চেষ্টা কৰে। ছাত্ৰীসকলৰ ওপৰতো আক্ৰমণ চলোৱাৰ অভিযোগ উঠে।

কেইবাগৰাকীও শিক্ষাৰ্থীক সংকটজনক অৱস্থাত এইমছত ভৰ্তি কৰোৱা হয়।

ইপিনে, ঐশী ঘোষে দাবী কৰে যে ABVPৰ কৰ্মীসকলেই চৌহদত আক্ৰমণ চলায়। বহু বাওঁপন্থী শিক্ষাৰ্থীক প্ৰহাৰ কৰা হৈছে। এটা ভিডিঅ’ প’ষ্ট কৰি ঐশীয়ে ABVPৰ বিৰুদ্ধে আক্ৰমণৰ অভিযোগ তোলে।

আনহাতে, সমগ্ৰ ঘটনাৰ প্ৰতিবাদত সোমবাৰে ABVPয়ে এক প্ৰতিবাদী সমদলৰ আহ্বান জনাইছে। টুইটাৰত সংগঠনটোৰ তৰফৰ পৰা জানিবলৈ দিয়া মতে দুপৰীয়া আঢ়ৈ বজাৰ পৰা চৌহদত SAVE JNU MARCH আয়োজন কৰিব।

দিল্লী আৰক্ষীৰ ফালৰ পৰা অৱশ্যে বিষয়টো এতিয়াও স্পষ্ট কৰা নাই। সমগ্ৰ বিষয়টোৰ এক তদন্ত কৰি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিব দিয়ে ছাউথ ৱেষ্ট দিল্লীৰ ডিচিপি গৌৰব শৰ্মাই।