পুখুৰীত বাগৰি পৰিল NITৰ বাছঃ কেইবাগৰাকী শিক্ষাৰ্থী, শিক্ষক আহত

NIT-Agartala

আজি পুৱা ত্ৰিপুৰাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। আগৰতলাস্থিত ৰাষ্ট্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠানৰ এখন বাছ পুখুৰীত বাগৰি পৰাৰ ফলত কেইবাগৰাকী ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক আহত হয়।

এই দুৰ্ঘটনা সংঘটিত হয় ৰাণীবজাৰ অঞ্চলত। পুৱাৰ ভাগত থকা ঘন কুঁৱলীৰ বাবে এই দুৰ্ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাটোত কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰী, এন আই টি-আগৰতলাৰ শিক্ষক আৰু বাছ চালক গুৰুতৰভাৱে আহত হয়।

ঘটনাৰ বিষয়ে জানিব পৰাৰ পিছতে স্থানীয় কৰ্তৃপক্ষ তাৎক্ষণিকভাৱে দুৰ্ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে।

আহত লোকসকলক লগে লগে তৎকালীন চিকিৎসাৰ বাবে ত্ৰিপুৰাৰ আগৰতলা চহৰৰ জি বি হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড০ মাণিক সাহাই দুৰ্ঘটনাটোত শোক প্ৰকাশ কৰি আহত ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অন্যান্য কৰ্মচাৰীসকলৰ আশু আৰোগ্য কামনা কৰে।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে স্থানীয় প্ৰশাসনক নিহতসকলৰ লগতে তেওঁলোকৰ পৰিয়ালক প্ৰয়োজনীয় সকলো সাহায্য আগবঢ়াবলৈ নিৰ্দেশনা দিয়ে।