কেন্দ্রীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ সৈতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী অধ্যাপক ড০ মাণিক সাহা, সামাজিক ন্যায় আৰু সবলীকৰণৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী প্ৰতিমা ভৌমিক আৰু জ্ৰীনগৰ ৰেল’ৱে ষ্টেচনত জন্মু আৰু কাশ্মীৰৰ লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহাই গুৱাহাটী- ছেকেন্দেৰাবাদ এক্সপ্ৰেছৰ শিলচৰলৈকে সম্প্ৰসাৰণ সেৱা, দুল্লভছৰা-গুৱাহাটী ত্ৰি-সপ্তাহিক ৰেল, কামাখ্যা- লোকমান্য তিলক এক্সপ্ৰেছৰ আগৰতলালৈকে সম্প্ৰসাৰণ সেৱা, বুডগাম-বানিহাল ৰেলত ভিষ্টাডোম দবা আৰু আগৰতলা-ছাক্ৰুম ডেমু ৰে’ল সেৱাৰ শুভ উদ্বোধন কৰে।
গুৱাহাটী ৰে’লৱে ষ্টেচনত মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মা, আগৰতলা ৰেল’ৱে ষ্টেচনত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী অধ্যাপক মাণিক সাহা, সামাজিক ন্যায় আৰু সবলীকৰণৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী প্ৰতিমা ভৌমিক আৰু শ্ৰীনগৰ ৰেল’ৱে ষ্টেচনত জন্মু আৰু কাশ্মীৰৰ লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহা উপস্থিত থাকে।
গুৱাহাটীত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা জন্মু আৰু কাশ্মীৰ, উত্তৰ পূৰ্বাঞ্চলৰ বিকাশৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। এতিয়া জনসাধাৰণে এই পদক্ষেপসমূহৰ সুফল লাভ কৰিবলৈ সক্ষম হৈছে বুলিও তেওঁ কয়। মুখ্যমন্ত্ৰীয়ে বিকাশৰ এই নতুন ধাৰ৷ সূচনা কৰাৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰে।
মুখ্যমন্ত্ৰীয়ে অঞ্চলটোত ৰে’লৱে যোগাযোগ ব্যৱস্থা সম্প্ৰসাৰণ কৰাৰ দিশত লোৱা ভূমিকাৰ বাবেও কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱক ধন্যবাদ জ্ঞাপন কৰে। অঞ্চলটোৰ ৰে’ল সেৱাই দূৰৱৰ্তী অঞ্চলসমূহকো সামৰি লোৱাৰ বিষয়টো উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে গুৱাহাটী-ছেকেন্দেৰাবাদ এক্সপ্ৰেছ শিলচৰলৈ সম্প্ৰসাৰণ, কামাখ্যা-লোকমান্য তিলক এক্সপ্ৰেছ আগৰতলালৈ সম্প্ৰসাৰণ, দুল্পভছৰা-গুৱাহাটী ত্ৰি-সপ্তাহিক ৰেল সেৱাই জনসাধাৰণক উপকৃত কৰিব।