গছ কাটি তহিলং, এনেকৈয়ে হ’ব গুৱাহাটীৰ উন্নয়ন! নতুন উৰণীয়া সেতুৰ বাবে আকৌ কাটিলে কেইবাডালো গছ

প্ৰতিনিধিত্বমূলক ফটো।

গুৱাহাটীৰ সেউজ আৱৰণ কমি অহাত অসম চৰকাৰৰ অভিলাষী উন্নয়ন পৰিকল্পনাই বাসিন্দাসকলৰ মাজত উদ্বেগ সৃষ্টি কৰিছে।

ইতিমধ্যে উৰণীয়া সেতু নিৰ্মাণৰ বাবে শ শ গছ কাটি পেলোৱা প্ৰশাসনে এতিয়া ছয়মাইল-ৰুক্মিণীগাঁও আৰু ডাউনটাউন অঞ্চলত অতিৰিক্ত ২০০ গছ কাটি জি এছ ৰোডত নতুন উৰণীয়া সেতুৰ বাবে ঠাই মুকলি কৰাৰ পৰিকল্পনা কৰিছে।

দেওবাৰে নিশা বন বিভাগে ডাউন টাউন অঞ্চলত কমেও ২৫জোপা গছ কাটি পেলোৱাৰ ফলত বাসিন্দাসকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।

লগতে পঢ়কঃ পুনৰ যৌন নিৰ্যাতনৰ ঘটনা : ১৪ বছৰীয়া কিশোৰীক নিৰ্যাতন চলাই ডিব্ৰুগড়ত এজন গ্ৰেপ্তাৰ

তদুপৰি, বাইহাটা চাৰিআলিৰ পৰা কুৰুৱা হৈ সোণাপুৰলৈকে বিস্তৃত এটা প্ৰস্তাৱিত ঘাইপথ প্ৰকল্পই আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ ভিতৰৰ কিছু অংশকে ধৰি ৩২০০ৰো অধিক গছ ধ্বংস কৰাৰ ভাবুকি আহিছে। অভয়াৰণ্যখনৰ ৮০০ মিটাৰ দূৰত্বৰ মাজেৰে পাৰ হ’ব এই ঘাইপথ।

জালুকবাৰীৰ পৰা খানাপাৰালৈ উৰণীয়া সেতু নিৰ্মাণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ উন্নীতকৰণৰ ফলত গুৱাহাটী মহানগৰীত ইতিমধ্যে প্ৰায় ৭ হাজাৰ গছ হেৰুৱাব লগাইছে। সেউজীয়া আৱৰণৰ এই অপূৰণীয় ক্ষতিৰ ফলত উষ্ণতা বৃদ্ধি পোৱাত অৰিহণা যোগাইছে। শেহতীয়াকৈ সৰ্বোচ্চ তাপমাত্ৰা ৪০ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত হৈছে।

স্থানীয় বাসিন্দা নবজিৎ বৰ্মনে সকীয়াই দিয়ে যে, ‘চৰকাৰে এই হাৰত গছ কাটি থাকিলে অদূৰ ভৱিষ্যতে গুৱাহাটীত বসবাস কৰাটো অসহ্যকৰ হৈ পৰিব।‘

লগতে পঢ়কঃভাৰতীয় ভিছা আবেদন বন্ধ; বিপদত বাংলাদেশৰ ইউৰোপগামী সহস্ৰাধিক শিক্ষাৰ্থী,কৰ্মৰত লোক

পৰিৱেশ কৰ্মীসকলে নিৰ্বিচাৰে গছ কটা বন্ধ কৰাৰ আহ্বান জনাইছে আৰু চহৰখনৰ সেউজীয়া ঠাই সংৰক্ষণ কৰা বহনক্ষম নগৰ উন্নয়নক অগ্ৰাধিকাৰ দিবলৈ চৰকাৰক আহ্বান জনাইছে।