অনুষ্ঠিত হ’ব যৌন চেম্পিয়নশ্বিপ : যৌনতাই লাভ কৰিলে আনুষ্ঠানিক ক্ৰীড়াৰ মৰ্যাদা

প্ৰগতিশীলতা, মূল্যবোধ আৰু সমতাৰ প্ৰতি দায়বদ্ধতাৰ বাবে পৰিচিত ছুইডেনে যৌনতাক আনুষ্ঠানিকভাৱে খেল বা ক্ৰীড়া হিচাপে স্বীকৃতি প্ৰদান কৰি ইতিহাস ৰচনা কৰিছে। 

সকলোকে স্তম্ভিত কৰিব পৰা কথাটো হ’ল উত্তৰ ইউৰোপৰ দেশখনে প্ৰথমবাৰৰ বাবে ইউৰোপীয় যৌন চেম্পিয়নশ্বিপ অনুষ্ঠিত কৰিবলৈ সাজু হৈছে। 

ছুইডেনৰ যৌন ফেডাৰেচনৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাখন অহা ৮ জুনত আৰম্ভ হ’ব। ইউৰোপৰ বিভিন্ন দেশৰ অংশগ্ৰহণকাৰীয়ে ১৬টা ভিন্ন শাখাত অংশগ্ৰহণ কৰিব। কেইবা সপ্তাহ ধৰি চলিবলগীয়া প্ৰতিযোগিতাত খেলুৱৈ সকলে নিজৰ দক্ষতা আৰু সামৰ্থ্য প্ৰদৰ্শন কৰিব। 

প্ৰতিদিনে প্ৰতিযোগীসকলে ছয় ঘণ্টীয়া কঠোৰ প্ৰতিযোগীতাত অংশগ্ৰহণ কৰিব। য’ত ব্যক্তিগত মেচ ৪৫ মিনিটৰ পৰা এঘণ্টাৰ ভিতৰত চলিব। 

ইউৰোপীয় যৌন চেম্পিয়নশ্বিপৰ বিভিন্ন ধৰণৰ শাখাসমূহৰ ভিতৰত আছে বিমোহন (Seduction,), শৰীৰৰ মালিচ, কামুক অঞ্চল অন্বেষণ কৰা(Exploring erotic zones) , পূৰ্বৰঙ্গ(Prelude), মৌখিক যৌন সম্পৰ্ক(Oral Sex), অনুপ্ৰৱেশ, সহিষ্ণুতা(Endurance), শাৰীৰিক ৰূপ(Physical appearance), ভংগীমা, অৱস্থান সলনিৰ সৃষ্টিশীলতা(Creativity in position changes), সহনশীলতা আৰু নিৰ্দিষ্ট সময়ৰ ভিতৰত অৰ্গাজমৰ সংখ্যা (Endurance and number of orgasms within a given time) , কলাত্মক প্ৰদৰ্শন আৰু ভংগীমাৰ পৰিৱৰ্তন, আৰু প্ৰতিযোগিতাৰ সময়ত ৰক্তচাপ আৰু হৃদস্পন্দন বৃদ্ধি কৰাৰ ক্ষমতা।

প্ৰতিটো শাখাতে অংশগ্ৰহণকাৰীসকলে ৫ৰ পৰা ১০ ৰ ভিতৰত নম্বৰ লাভ কৰিব পাৰিব। এই নম্বৰ ৰাজহুৱা ভোটদান আৰু পাঁচজন বিচাৰকৰ পেনেলৰ দ্বাৰা নিৰ্ধাৰণ কৰা হ’ব। 

প্ৰতিযোগিতাখন তিনিটা স্তৰত ভাগ কৰা হৈছে। অংশগ্ৰহণকাৰীসকলে অধিক আগবাঢ়ি যাবলৈ প্ৰতিটো স্তৰতে নিৰ্দিষ্ট সংখ্যক পইণ্ট লাভ কৰিব লাগিব। 

প্ৰতিযোগিতাখনৰ আয়োজক সকলে কয় যে ক্ৰীড়া কৌশলৰ অংশ হিচাপে যৌন সম্ভোগৰ অন্তৰ্ভুক্তি ইউৰোপীয় দেশসমূহৰ মাজত এক যুগান্তকাৰী বিকাশ হ’ব।

ছুইডিছ ফেডাৰেচন অৱ চেক্সৰ সভাপতি ড্ৰেগান ব্ৰাটিচে নিজৰ বিশ্বাস প্ৰকাশ কৰে যে যৌনতাক খেল হিচাপে স্বীকৃতি দিয়াটো অত্যন্ত প্ৰয়োজনীয়। তেওঁ প্ৰশিক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰি যৌন কাৰ্য্যকলাপৰ জৰিয়তে শাৰীৰিক আৰু মানসিক সুস্থতাৰ সম্ভাৱনাৰ ওপৰত আলোকপাত কৰে। তেওঁ এই খেলবিধৰ নিজস্ব স্বৰূপৰ ওপৰত গুৰুত্ব আৰোপ কৰে, যাৰ উদ্দেশ্য হৈছে প্ৰতিদ্বন্দ্বীক অপৰিসীম আনন্দ প্ৰদান কৰা। 

ছুইডিছ চেক্স ফেডাৰেচনে কয় যে খেল হিচাপে যৌনতা এক জটিল প্ৰচেষ্টা, যাৰ বাবে সৃষ্টিশীলতা, আৱেগিক বুদ্ধিমত্তা, কল্পনাশক্তি, সুস্থ শৰীৰ, সহিষ্ণুতা, আৰু কৰ্মক্ষমতাৰ প্ৰয়োজন। 

ফেডাৰেচনৰ সভাপতিগৰাকীয়ে লগতে উল্লেখ কৰে যে প্ৰতিযোগিতাৰ নিয়মসমূহ সময়ৰ লগে লগে পৰ্যবেক্ষণ আৰু প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি বিকশিত হ’ব।