অসমত বৃদ্ধি পাইছে কৰ্মক্ষেত্ৰত মহিলাৰ ওপৰত যৌন নিৰ্যাতনৰ ঘটনা!

sexual-harassment-at-workplace

প্ৰতিনিধিত্বমূলক ফটো

কৰ্মক্ষেত্ৰত মহিলাৰ ওপৰত যৌন নিৰ্যাতনৰ ঘটনা অসমত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। ৰাজ্যখনত কৰ্মক্ষেত্ৰত প্ৰায় ৪১ শতাংশমহিলাই যৌন নিৰ্যাতনৰ বলি হোৱাৰ তথ্য পোহৰলৈ আহিছে।

ৰাজ্যখনত উদ্বেগজনকভাৱে বৃদ্ধি পোৱা এই ঘটনা চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ দুয়োটা পৰ্যায়তে বৃদ্ধি পাইছে।

‘’অসমত মহিলাৰ বাবে কৰ্মক্ষেত্ৰত সুৰক্ষা আৰু মৰ্যাদা’ বিষয়ত গুৱাহাটী বিশ্ববিদ্যালয় আৰু গুৱাহাটীস্থিত এটা বেচৰকাৰী সংস্থা নৰ্থইষ্ট নেটৱৰ্কৰ গৱেষণাই এই তথ্য সদৰী কৰিছে।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ মহিলা অধ্যয়ন বিভাগৰ সহযোগী অধ্যাপক ড০ পলী ভকলিনৰ উদ্ধৃতিৰে প্ৰকাশিত প্ৰতিবেদন কোৱা হৈছে যে ৰাজ্যখনত মৌখিক, শাৰীৰিক, মানসিক সকলোধৰণৰ যৌন নিৰ্যাতনৰ ঘটনা সংঘটিত হৈ আহিছে।

প্ৰতিবেদনখনত লগতে কোৱা হৈছে যে নিৰ্যাতনৰ এই ঘটনাৰ ৬৯ শতাংশই শাৰীৰিক যৌন নিৰ্যাতনৰ ঘটনা।

প্ৰতিবেদনখনৰ মতে, গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ, তেজপুৰ, ডিব্ৰুগড়, ডিফু আৰু শিলচৰ এই সাতখন নগৰাঞ্চলৰ ৩৬৪ গৰাকী লোকৰ মাজত এই গৱেষণা চলোৱা হৈছিল।

আটাইতকৈ উদ্বেগজনক কথাটো হৈছে যে প্ৰতিবেদন অনুসৰি বেছিভাগ মহিলাই আনকি কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতন কেনেকুৱা হ’ব পাৰে সেই সম্পৰ্কে সজাগ নহয়।

অধ্যয়ন অনুসৰি, প্ৰতিবেদনত উল্লেখ কৰা মতে বেছিভাগ মহিলাই ‘’এক নৈমিত্তিক ঘটনা হিচাপে যৌন নিৰ্যাতনক সাধাৰণ ঘটনা বুলি ধৰি লয়। তেওঁলোকৰ বেছিভাগেই একমাত্ৰ চৰম হিংসাত্মক ৰূপ ধৰ্ষণ তথা নিৰ্যাতনকহে যৌন নিৰ্যাতন বুলি বিবেচনা কৰে।‘’

উল্লেখযোগ্য যে নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৰ ২০১৬ চনৰ তথ্যত দেশৰ ভিতৰতে ৰাষ্ট্ৰীয় ৰাজধানী নতুন দিল্লীৰ পাছতে মহিলাৰ বিৰুদ্ধে অপৰাধৰ ক্ষেত্ৰত দ্বিতীয় স্থানত আছে  অসম।

এইক্ষেত্ৰত নতুন দিল্লীত প্ৰতি এক লাখৰ জনসংখ্যাৰ ভিতৰত ১৬০.৪ গৰাকী হোৱাৰ বিপৰীতে অসমত এই সংখ্যা ১৩১.৩ গৰাকী।