• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশজুৰি চাঞ্চল্য : মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে “যৌন নিৰ্য্যাতন”ৰ অভিযোগ

“মহিলাগৰাকীৰ সকলো অভিযোগ অসত্য আৰু ৰুচিবিগৰ্হিত”, উচ্চতম ন্যায়ালয়ৰ মহাসচিব

এন ই নাও নিউজ by এন ই নাও নিউজ
April 21, 2019 6:24 am
Ranjan Gogoi

ৰঞ্জন গগৈ। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অসম সন্তান ৰঞ্জন গগৈৰ বিৰুদ্ধে যৌন নিৰ্য্যাতনৰ অভিযোগ আনিছে তেওঁৰ অধীনত কাম কৰা আৰু বৰ্খাস্ত হোৱা এগৰাকী মহিলা কৰ্মচাৰীয়ে।

অৱশ্য শীৰ্ষ আদালতখনৰ মহাসচিবে অভিযোগটোক পোনচাতেই নাকচ কৰাৰ লগতে ইয়াক অভিযোগকাৰীৰ “পশ্চাৎচিন্তা” (afterthought) আখ্যা দিছে।

অভিযোগটো উত্থাপন কৰা মহিলাগৰাকীয়ে ৰঞ্জন গগৈৰ আদালতত জুনিয়’ৰ ক’ৰ্ট এছিষ্টেণ্ট হিচাপে যোৱা বছৰৰ অক্টোবৰ মাহলৈকে কাম কৰি আছিল। দুবছৰ ধৰি ন্যায়াধীশ গগৈৰ আদালত আৰু ব্যক্তিগত চেম্বাৰত কাম কৰা মহিলাগৰাকীক “পেচাৰ সৈতে খাপ নোখোৱা আচৰণ” আৰু অন্যান্য কিছুমান “অসদাচাৰ”ৰ বাবে চাকৰিৰ পৰা আঁতৰোৱা হৈছিল।

পৰৱৰ্তী সময়ত তেওঁৰ বিৰুদ্ধে আদালতে বিভাগীয় অনুশাসনমূলক তদন্ত চলোৱাৰ সিদ্ধান্ত লয় আৰু তদন্ত কমিটীয়ে বৰ্খাস্ত কৰাৰ নিৰ্দেশ দিয়ে।

ইয়াৰ পাছত মহিলাগৰাকীয়ে মুখ্য ন্যায়াধীশজনৰ দ্বাৰা যৌন নিৰ্য্যাতিত হোৱা বুলি যোৱা ১৯ এপ্ৰিলত শীৰ্ষ আদালতখনৰ আটাইবোৰ ন্যায়াধীশলৈ এখন শপতনামা প্ৰেৰণ কৰিছিল।

শপতনামাখনত মহিলাগৰাকীৰ দাবী, মুখ্য ন্যায়াধীশজনৰ এই নিৰ্য্যাতনৰ ঘটনা যোৱা বছৰৰ ১১ অক্টোবৰত সংঘটিত হৈছিল। তেওঁৰ অভিযোগ, তাৰ পিছতে তেওঁক প্ৰায় এটা মাহৰ ভিতৰত তিনিটা বিভাগলৈ বদলি কৰা হয়। আৰু অৱশেষত ১৯ নৱেম্বৰত তেওঁলৈ এখন জাননী প্ৰেৰণ কৰি এই কথা জনোৱা হয় যে তেওঁৰ বিৰুদ্ধে আনুশাসনমূলক তদন্ত আৰম্ভ কৰা হৈছে।

তেওঁৰ বিৰুদ্ধে অভিযোগকেইটা হ’ল- “এডমিন মেটেৰিয়েলছ ছেকশ্যনত বহিবলৈ দিয়া নিৰ্দেশ মনাত অনিচ্ছা আৰু ঊৰ্ধ্বতন বিষয়াৰ প্ৰতি প্ৰশ্ন উত্থাপন”, তেওঁৰ বহা ঠাই বদলি কৰা তত্ত্বাৱধায়কসকলৰ ওপৰত অগ্ৰহণযোগ্য দিশৰ পৰা “প্ৰভাৱ বিস্তাৰৰ চেষ্টা” আৰু “অকৰ্তৃত্বশীলভাৱে কৰ্তব্যত অনুপস্থিত”।

মহিলাগৰাকীক পঞ্জীয়ক আৰু তদন্ত বিষয়া সূৰ্য্য প্ৰতাপ সিঙে এখন জাননী যোগে জনায় যে ১৩ ডিচেম্বৰ, ২০১৮ৰ দিনটোত তেওঁৰ বিষয়ে তদন্ত হ’ব আৰু যদিহে তেওঁ নিৰ্ধাৰিত সময় আৰু স্থানত উপস্থিত নাথাকে তদন্তটো “একতৰফা” (ex parte) হ’ব।

পিছত উক্ত দিনটোত হ’ব লগীয়া তদন্ত প্ৰক্ৰিয়া ২১ ডিচেম্বৰত অনুষ্ঠিত হয়, য’ত মহিলাগৰাকীয়ে আদালতত উপস্থিত আছিল যদিও তদন্ত বিষয়াৰ কোঠাৰ বাহিৰতে মূৰ্ছা যোৱা বাবে উপস্থিত থাকিব নোৱাৰিলে বুলি শপতনামাখনত উল্লেখ কৰিছে।

তদন্ত প্ৰক্ৰিয়াটো একতৰফা হয় আৰু পঞ্জীয়ক দীপক জৈনে তেওঁক বৰ্খাস্ত কৰে।

আনহাতে দিল্লী আৰক্ষীত চাকৰি কৰি থকা মহিলাগৰাকীৰ স্বামী আৰু দেওৰেককো ২৯ ডিচেম্বৰত চাকৰিৰ পৰা নিলম্বন কৰা হয়, যিটোকো মহিলাগৰাকীয়ে তেওঁৰ ওপৰত চলা নিৰ্য্যাতনৰ অংশ বুলি শপতনামাখনত দেখুৱাব বিচাৰিছে।

শপতনামাত উল্লেখ আছে, ডিচেম্বৰ ৩১ তাৰিখে তেওঁৰ স্বামীক তিলক মাৰ্গৰ ষ্টেইশ্যন হেড অফিচাৰ যশপালৰ দ্বাৰা এইটো জনোৱা হয় যে ভাৰতৰ মুখ্য ন্যায়াধীশৰ কাৰ্য্যালয়লৈ অবাঞ্ছিতভাৱে ফোন কৰা বাবে তেওঁৰ বিৰুদ্ধে এটা বিভাগীয় তদন্ত দিয়া হৈছে। মহিলাগৰাকীৰ স্বামীজনে ৯ জানুৱাৰিত আৰক্ষী উপায়ুক্ত বিকাশ পুৰীৰ পৰা এটা নিৰ্দেশ পায়, য’ত তেওঁ আৰু তেওঁৰ ভায়েকৰ স্থানীয় জুৱাৰীৰ সৈতে সম্পৰ্ক থকাৰ কথা উল্লেখ কৰা হয়। নিৰ্দেশটোত আৰু লগতে তেওঁৰ স্বামীৰ বিৰুদ্ধে পূৰ্বে ২০১২ চনত থকা এটা ফৌজদাৰী গোচৰৰ কথাও উল্লেখ কৰা হয়। তেওঁলোক দুয়োজনকে পিছত নিলম্বন কৰা হয়।

শপতনামাখনত আৰু এইটো কোৱা হয়, পিছত তিলক মাৰ্গ আৰক্ষী থানাৰ ষ্টেইশ্যন হেড অফিচাৰ নৰেশ ছোলাংকিয়ে মুখ্য ন্যায়াধীশ গগৈ আৰু তেওঁৰ মাজত মীমাংসা কৰাৰ এটা প্ৰয়াস কৰে আৰু তেওঁ আৰু তেওঁৰ স্বামীৰ সৈতে আলোচনাৰ পিছত তেওঁলোকক মুখ্য ন্যায়াধীশজনৰ ঘৰলৈ দুয়োকে লৈ যায়। মুখ্য ন্যায়াধীশৰ অনুপস্থিতিত তেওঁৰ পৰিবাৰে তেওঁক ক্ষমা বিচাৰিবলৈ কয়। তেওঁ যিহেতু নিজকে বচোৱাৰ কথা ভাবিছিল সেয়ে তেওঁ বাধ্য হৈছিল বুলি কয়।

ইপিনে ইতিমধ্যে তেওঁৰ শাৰীৰিভাৱে অক্ষম সৰু ভায়েকজনকো উচ্চতম ন্যায়ালয়ত নতুনকৈ সোমোৱা কামৰ পৰা অব্যাহতি দিয়া হয় আৰু তেওঁৰ টাৰ্মিনেশ্যন লেটাৰত কোনো কাৰণ উল্লেখ নাছিল, মহিলাগৰাকীৰ দাবী।

অভিযোগকাৰী মহিলাগৰাকীৰ মতে, ভায়েকজনক তেওঁৰ অনুৰোধ মৰ্মে মুখ্য ন্যায়াধীশজনে জুনিয়’ৰ ক’ৰ্ট এটেডেণ্ট হিচাপে নিযুক্তি দিছিল।

মহিলাগৰাকীয়ে শপতনামাখনত কয়, যোৱা ৮ মাৰ্চত তেওঁলোকৰ পৰিয়ালটো ৰাজস্থানৰ গিৰীয়েকৰ ঘৰত থকাৰ সময়তে তেওঁক জিম্মাত ল’বৰ বাবে দিল্লী আৰক্ষীৰ এটা দল তাত উপস্থিত হয়। তেওঁলোক যেতিয়া ৯ মাৰ্চত তিলক মাৰ্গৰ আৰক্ষী থানালৈ যায়, তাত জনোৱা হয় যে হাৰিয়ানাৰ ঝাইজ্জাৰ নামৰ ঠাইৰ নৱীন কুমাৰ নামৰ এজন লোকে তেওঁলোকৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত চাকৰি দিয়াৰ প্ৰতিশ্ৰুতিৰে ৫০ হাজাৰ টকা ঘোচ লোৱা বুলি এজাহাৰ দাখিল কৰিছে।

মহিলাগৰাকীৰ অভিযোগ, থানাত দুটা দিন কটোৱাৰ পিছত তেওঁ Chief Metropolitan Magistrate –অৰ আদালতৰ পৰা জামিন লাভ কৰে। কিন্তু আশ্চৰ্য্যৰ বিষয় যে তেওঁৰ গোচৰটো ফৌজদাৰী আদালতলৈ স্থানান্তৰ কৰা হয় আৰু জামিন বাতিল কৰা বাবে প্ৰক্ৰিয়া আৰম্ভ কৰা হয়। ফৌজদাৰী গোচৰটোৰ তদন্তকাৰী বিষয়া মুকেশ আন্তিলে তেওঁৰ আৱেদনত জামিন বাতিলৰ যুক্তি হিচাপে আদালতক জনায় যে ঘোচ লোৱাৰ অভিযোগ অনা নৱীন কুমাৰে তেওঁক মহিলাগৰাকীৰ পৰিয়ালে ভাবুকি দিয়াৰ অভিযোগ আনিছে।

এই সকলোবোৰকে মহিলাগৰাকীয়ে শপতনামাখনত তেওঁৰ ঘটনাটোৰ পৰণতি হিচাপে দেখুৱাবৰ চেষ্টা কৰিছে।

তেওঁ নিজৰ শপতনামাখন দিল্লী মহিলা আয়োগ, লেফটেনেণ্ট গৱৰ্নৰ অব দেলহি, প্ৰধান মন্ত্ৰীৰ কাৰ্য্যালয়, ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ, বিশেষ আৰক্ষী আয়ুক্ত (ভিজিলেন্স), বিশেষ আৰক্ষী আয়ুক্ত (আইন-শৃংখলা), দিল্লীৰ মুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু য়ুনিয়ন মিনিষ্ট্ৰী অব হ’ম এফেয়াৰছলৈও প্ৰেৰণ কৰি  নিৰ্য্যাতনৰ বিৰুদ্ধে ন্যায় বিচাৰে।

মহিলাগৰাকীৰ যৌন নিৰ্যাতনৰ গুৰুতৰ অভিযোগ সন্দৰ্ভত ভাৰতৰ মুখ্য ন্যায়াধীশৰ পৰা জানিব বিচৰা “The Wire” নামৰ সংবাদ প্ৰতিষ্ঠানটোক উচ্চতম ন্যায়ালৰ মহাসচিব সঞ্জীৱ কে কলগাঁওকাৰে কয়, “অভিযোগটো আৰু লগতে অন্যান্য অভিযোগবোৰ “সম্পূৰ্ণ আৰু একেবাৰে মিছা” আৰু “ৰুচিবিগৰ্হিত”।

“মহিলাগৰাকীক চাকৰিৰ পৰা নিয়ম অনুসৰি বৰ্খাস্ত কৰা হৈছে”, একতৰফা তদন্তটো সন্দৰ্ভত অধিক ব্যাখ্যা নকৰাকৈ মহাসচিবজনে কয়।

তেওঁৰ শাৰীৰিক অক্ষম ভায়েকজন সন্দৰ্ভত কয় যে তেওঁক “প্ৰদৰ্শন আৰু আচৰণ”ৰ ভিত্তিত আঁতৰোৱা হ’ল।

“এই অসত্য আৰু ৰুচিবিগৰ্হিত অভিযোগবোৰৰ নেপথ্যত থকা অভিপ্ৰায় দেখদেখকৈ ক্ষতিকৰ”, মহাসচিবজনে কয়।

অসম সন্তান ন্যায়াধীশ ৰঞ্জন গগৈয়ে যোৱা বছৰৰ ৩ অক্টোবৰত পৰা দেশৰ মুখ্য ন্যায়াধীশ হিচাপে পদত অধিষ্ঠিত হৈছিল। তেওঁ দায়িত্ব লোৱাৰ পিছতে কেইবাটাও গুৰুত্বপূৰ্ণ আৰু দৃষ্টান্তমূলকভাৱে কঠোৰ সিদ্ধান্ত তথা ৰায় আৰু নিৰ্দেশ দিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd