যৌন সম্পৰ্ক কেৱল এটা ব্যায়াম নহয়। ই ৰোগ নিৰাময়ৰ এক মৌহষধ। জানো আহক যৌন সম্পৰ্কৰ দ্বাৰা স্বাস্থ্যৰ কি কি উপকাৰ হয় ???
হৃদযন্ত্ৰৰ উপকাৰিতা
শাৰীৰিক সম্পৰ্কৰ দ্বাৰা হৃদযন্ত্ৰৰ স্বাস্থ্য অতি ভাল হয়। আমেৰিকান জাৰ্নেল অৱ কাৰ্ডিঅ’লজিত প্ৰকাশিত এই প্ৰতিবেদন অনুসৰি যিসকল পুৰুষে সপ্তাহত কমেও দুবাৰকৈ নিজৰ সংগীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰে। তেওঁলোকৰ ষ্ট্ৰোক আৰু হৃদৰোগৰ সম্ভাৱনা কম। যিসকলে মাহত এবাৰ এই কাম কৰে তেওঁলোকৰ ষ্ট্ৰোক আৰু হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।
মাহেকীয়াৰ সমস্যাৰ পৰা পৰিত্ৰাণ
শাৰীৰিক সম্পৰ্ক থকা মহিলাসকলে মাহেকীয়াৰ সময়ত বিষ আৰু ক্ৰেম্পৰ পৰা সকাহ পায়। শেহতীয়াকৈ Womanider নামৰ এটা কোম্পানীয়ে এটা গৱেষণা চলাইছে, য’ত ৩১ শতাংশ মহিলাই কয় যে ইয়াৰ দ্বাৰা বিষৰ পৰা সকাহ পোৱা যায়।
মানসিক চাপ আৰু ৰক্তচাপ নিয়ন্ত্ৰণ
শাৰীৰিক সম্পৰ্ক থাকিলে শৰীৰত এণ্ড’ৰ্ফিন নামৰ হৰম’ন এটা প্ৰসাৰিত হয়। যাৰ বাবে ই কৰ্টিছল আৰু এড্ৰিনেলিনৰ দৰে মানসিক চাপৰ হৰম’নও হ্ৰাস কৰে। ইয়াৰ উপৰিও কিছুমান হৰম’ন আছে যিয়ে বি পি নিয়ন্ত্ৰণত সহায় কৰে। ৰাতি শাৰীৰিক সম্পৰ্ক কৰিলে চিষ্টোলিক হৰম’নে বি পিৰ মাত্ৰা হ্ৰাস কৰে।
প্ৰষ্টেট কেন্সাৰৰ সম্ভাৱনা হ্ৰাস কৰে
এই বিশেষ ধৰণৰ গৱেষণা প্ৰায় ৩২ হাজাৰ পুৰুষৰ ওপৰত কৰা হৈছিল, য’ত দেখা গৈছে যে এই পুৰুষসকলে মাহত ২১ বাৰতকৈ অধিক বীর্যপাত কৰে। যিসকলৰ প্ৰতিমাহে ৪-৭ বাৰ এনে হয়। তেওঁলোকৰ প্ৰষ্টেট কেন্সাৰ হোৱাৰ সম্ভাৱনা ২০ শতাংশ বৃদ্ধি পায়।
টোপনি
শাৰীৰিক সম্পৰ্ক শৰীৰৰ বাবে এক প্ৰকাৰৰ ব্যায়াম। ইয়াৰ দ্বাৰা আপুনি সতেজ অনুভৱ কৰে। ইয়াৰ কাৰণে শৰীৰত অক্সিট’চিন, প্ৰ’লেক্টিন আৰু এণ্ড’ৰ্ফিন নামৰ হৰম’নৰ মাত্ৰা বৃদ্ধি পায়। যাৰ বাবে এজনে ভাল টোপনি পায় আৰু শৰীৰটো অতি শিথিল হৈ থাকে।
সুস্থ আৰু উজ্জ্বল ছাল
শাৰীৰিক সম্পৰ্কৰ বাবে হৃদস্পন্দন বৃদ্ধি পায়। ইয়াৰ বাবে মুখৰ জিলিকনি বাঢ়ি যায়। ইয়াৰ ফলত আপোনাৰ ৰক্তবাহী নলীবোৰ প্ৰসাৰিত হয় আৰু মুখৰ ৰং উন্নত হৈ গোলাপী হৈ পৰে। ইয়াৰ আন আন উপকাৰো আছে: টোপনি আৰু কম মানসিক চাপেও দীৰ্ঘকালীনভাৱে আপোনাৰ ছালৰ বাবে উপকাৰী।