শীঘ্ৰেই স্থানীয় ৰে’ল সেৱা আৰম্ভ কৰাৰ দাবী এছ এফ আই-ডিৱাই এফ আইৰ

গুৱাহাটী ৰে'ল ষ্টেশ্যন

ভাৰতৰ ছাত্ৰ ফেডাৰেচন (এছ এফ আই) আৰু ভাৰতৰ গণতান্ত্রিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে অসমত শীঘ্ৰে স্থানীয় ৰে’ল সেৱা আৰম্ভ কৰাৰ দাবী উত্থাপন কৰিছে।

সংগঠন দুটাৰ সম্পাদকদ্বয় ক্ৰমে নিৰংকুশ নাথ আৰু নয়ন ভূঞাৰ স্বাক্ষৰিত সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত লগতে অভিযোগ কৰি কৈছে যে কেন্দ্ৰীয় চৰকাৰৰ অপৰিকল্পিত ল’কডাউনে ইতিমধ্যে কোটি কোটি লোকৰ জীৱন-জীৱিকাৰ ওপৰত মাধমাৰ সোধালে।

সংগঠন দুটাই অভিযোগ কৰি কয়ে যে, ক’ৰ’ণাৰ গণসংক্ৰমণ ৰোধ কৰাত দুখলগাকৈ ব্যৰ্থতা প্ৰদৰ্শন কৰাৰ পাছত চৰকাৰে স্বাস্থ্য বিধি মানি স্বাভাৱিক জীৱন যাত্ৰা চলাই যোৱাৰ কথা ক’লে।

এফালে চৰকাৰে কাৰ্যালয়সমূহ খুলি দিছে অন্যহাতেদি ৰাজহুৱা পৰিবহণ সেৱা স্বাভাৱিক হৈ উঠিব দিয়া নাই। ল’কডাউনৰ ফলত অৰ্থনৈতিকভাৱে বিপৰ্যস্ত সাধাৰণ মানুহে অত্যধিক গাড়ী ভাৰা গ্ৰহণ কৰাটো অসহনীয় হৈ উঠিছে বুলিও দাবী কৰিছে সংগঠন দুটাই।

স্থানীয় ৰে’ল সেৱা বন্ধ হৈ থকাৰ ফলত বিভিন্ন ঠাইত কৰ্মৰত লোকসকলৰ অহা-যোৱাত সাংঘাটিক সমস্যাই দেখা দিছে বুলি দাবী কৰি সংগঠন দুটাই অতি শীঘ্ৰে স্থানীয় ৰে’ল সেৱা পুনৰ আৰম্ভ কৰিবলৈ চৰকাৰক দাবী জনাইছে।

উল্লেখ্য যে চৰকাৰৰ পৰিকল্পনাৰ অভাৱত ৰাজ্যখনৰ পৰিবহণ সেৱা আকৌ এবাৰ স্তব্ধ হৈ পৰিছে।

ইফালে সম্প্ৰতি ৰাজ্যখনত পৰিবহণ সন্থাসমূহে চকাবন্ধৰ কাৰ্যসূচী ৰূপায়ণ কৰি আছে। এনে অৱস্থাত স্থানীয় ৰে’ল সেৱা অতিশীঘ্ৰে আৰম্ভ হোৱা খুবেই জৰুৰী৷

এনে প্ৰেক্ষাপটত ভাৰতৰ ছাত্র ফেডাৰেছন আৰু ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচনৰ অসম ৰাজিক কমিটিয়ে স্বাস্থ্য বিধিসমূহ প্রয়োগ কৰি হ’লেও অতিশীঘ্বে ৰাজ্যখনত স্থানীয় ৰে’ল সেৱা আৰম্ভ কৰাৰ দাবী জনাইছে।