NORTHEAST NOW (Assamese)

নিৰ্বাচিত হ’ল এছ এফ আইৰ নতুন সাধাৰণ সম্পাদক আৰু সভাপতি : কোনে কোনে পালে দায়িত্ব?

June 29, 2025 7:25 pm · নৰ্থ-ইষ্ট নাও, গুৱাহাটী

দায়িত্ব বাঢ়িল চিপিআই(এম)ৰ যুৱ নেতা সৃজন ভট্টাচাৰ্যৰ।  চি পি আই (এম)ৰ ছাত্ৰ সংগঠন এছ এফ আইৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হৈছে সৃজন।

দেওবাৰে এছ এফ আইৰ নতুন সাধাৰণ সম্পাদক আৰু সভাপতিক নিযুক্তি দিয়া হয়।

কেৰালাৰ আদৰ্শ এম সাজীক সংগঠনটোৰ সভাপতি হিচাপে নিযুক্তি দিয়া হৈছে। কেৰালাৰ কোঝিকোডত চলি আছে এছ এফ আই সন্মিলন।

সৃজনে সংগঠনত নিজৰ দক্ষতা প্ৰদৰ্শন কৰাৰ উপৰিও ৰাজনীতিৰ এজন ভাল বক্তা হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে। ইতিমধ্যে তেওঁৰ বিধানসভা আৰু লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ অভিজ্ঞতা আছে। সৃজন ভট্টাচাৰ্য কেইবাবছৰ ধৰি এছ এফ আইৰ ৰাজ্যিক সম্পাদক আছিল।

ইয়াৰ পূৰ্বে ময়ুখৰঞ্জন বিশ্বাস এছ এফ আইৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক আছিল। বয়সৰ সীমাৰ বাবে এই পদৰ পৰা পদত্যাগ কৰিবলগীয়া হৈছে তেওঁ। নিয়ম অনুসৰি ৩৫ বছৰ বয়স হোৱাৰ পিছত এছ এফ আইৰ লগত থাকিব নোৱাৰে। সৃজনৰ বয়স বৰ্তমান ৩২ বছৰ। ফলত তেওঁ এতিয়া তিনি বছৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক হিচাপে থাকিব পাৰিব।

আনহাতে, আদৰ্শ এম. সাজীয়ে নতুন সভাপতিৰ দায়িত্ব লাভ কৰিছে। তেওঁ কেৰালাৰ ছাত্ৰ সংগঠনৰ সদস্য আছিল। দলৰ নেতৃত্বই দুয়োকে অভিনন্দন জনাইছে।

Related News