দেশজুৰি চৰম উন্মাদনা, কিন্তু ৰাজধানীৰ এই হলবোৰত দেখা নাযাব শ্বাহৰুখৰ জোৱান! কাৰণ?

আৰু মাত্ৰ এদিনৰ অপেক্ষা। তাৰপিছতে বহু চৰ্চিত ‘জোৱান’ৰ মুক্তি। শ্বাহৰুখ খানৰ ছবিখনক লৈ সমগ্ৰ দেশতে চৰম উন্মাদনা। বৃহস্পতিবাৰে ‘জোৱান’ৰ প্ৰথমটো শ্ব’ৰ পিছত শুকুৰবাৰে দেশজুৰি আৰম্ভ হ’ব ছবিখনৰ যাত্ৰা। কিন্তু ৰাজধানী দিল্লীৰ কেইবাটাও চিনেমা হলত উইকেণ্ড শ্ব’ চোৱাৰ সুযোগ নাপাব দৰ্শকে।

কিন্তু কিয়? কাৰণ জি-২০ শীৰ্ষ সন্মিলন। এই সন্মিলন ৰাজধানীত ৯ ছেপ্টেম্বৰৰ পৰা ১০ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’ব। দেশৰ বিশিষ্ট ৰাজনীতিবিদসকলৰ লগতে বহিঃৰাষ্ট্ৰৰ পৰা অহা বিশিষ্ট ব্যক্তিসকলো উপস্থিত থাকিব। সেয়ে ৮ তাৰিখৰ পৰা দিল্লীৰ বিভিন্ন স্থানত নিষেধাজ্ঞা জাৰি কৰা হৈছে।

এনে পৰিস্থিতিত PVR Plaza, INOX Odeon, PVR Rivli, PVR ECX আদি মাল্টিপ্লেক্সলৈ যোৱাটো সাধাৰণ মানুহৰ বাবে হৈ পৰিব যথেষ্ট সমস্যা। সেইবাবেই এই চিনেমা হলবোৰত হেনো উইকেণ্ড শ্ব’ বন্ধ ৰখা হৈছে।

অৱশ্যে ৭ তাৰিখ বৃহস্পতিবাৰে সমগ্ৰ দেশৰ দৰে দিল্লীতো মুক্তি পাব শ্বাহৰুখ খানৰ ‘জোৱান’। আৰু সেইদিনা বেছিভাগ মানুহেই ছবিখন চাবলৈ চেষ্টা কৰিছে। গতিকে বেছিভাগ শ্ব’ই হাউচফুল। সাতটা পৰিৱৰ্তনৰ বিনিময়ত ‘জোৱানে’ চেঞ্চৰৰ ইউ/এ চাৰ্টিফিকেট লাভ কৰে।

বাতৰি অনুসৰি, ছবিখনত এটা আত্মহত্যাৰ দৃশ্য আছে। তাৰ সময় হ্ৰাস কৰা হৈছে। মূণ্ডচ্ছেদৰ দৰে দৃশ্য আঁতৰাবলৈ কোৱা হৈছে। ছবিখনৰ এটা ঠাইত ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতিৰ কথা উল্লেখ কৰা হৈছে। ইয়াক প্ৰদেশৰ মুৰব্বীলৈ সলনি কৰিবলৈ কোৱা হৈছে।