মাত্ৰ এগৰাকী ভাৰতীয় ক্ৰিকেটাৰক লৈ চাহিদ আফ্ৰিদিয়ে নিৰ্বাচিত কৰিলে বিশ্বৰ শ্ৰেষ্ঠ একাদশ

08_04_2020-afridi_20174592

পাকিস্তানৰ প্ৰাক্তন অধিনায়ক তথা অন্যতম শ্ৰেষ্ঠ অলৰাউণ্ডাৰ ৰূপে পৰিচিত চাহিদ আফ্ৰিদিয়ে বিশ্বৰ মহান খেলুৱৈসকল লৈ নিৰ্বাচিত কৰিছে নিজৰ সৰ্বকালৰ শ্ৰেষ্ঠ একাদশ।

আফ্ৰিদিয়ে নিজৰ এলুৱৈ জীৱনত লগ পোৱা ক্ৰিকেটাৰসকলক লৈ এই দলটো গঠন কৰিছে। পাকিস্তানৰ এইগৰাকী খেলুৱৈৰ দলত মাত্ৰ এজনহে ভাৰতীয় ক্ৰিকেটাৰে স্থান লাভ কৰিছে।

আফ্ৰিদিৰ দলত স্থান লাভ কৰা একমাত্ৰ ভাৰতীয় খেলুৱৈগৰাকী হ’ল শচীন টেণ্ডুলকাৰ। আফ্ৰদিয়ে দলটোত অপেনাৰ হিচাপে অঅন্তৰ্ভুক্ত কৰিছে তেওঁৰ পুৰণি সতীৰ্থ চৈয়দ আনোৱাৰক।

আনোৱাৰৰ সৈতে দলত স্থান দিয়া আনগৰাকী অপেনাৰ হ’ল অষ্ট্ৰেলিয়াৰ এডাম গিলখ্ৰিষ্ট। তেওঁ তিনি নম্বৰ আৰু চাৰি নম্বৰৰ বাবে ক্ৰমে ৰিকি পণ্টিং আৰু শচীন টেণ্ডুলকাৰক নিৰ্বাচিত কৰিছে।

পাঁচ নম্বৰৰ বাবে নিৰ্বাচিত কৰিছে পাকিস্তানৰ অন্যতম সফল বেটছমেন ইনজামাম উল হকক আৰু ছয় নম্বৰ তথা একমাত্ৰ অলৰাউণ্ডাৰৰ ভূমিকাৰ দায়িত্ব দিছে দক্ষিণ আফ্ৰিকাৰ জেকছ কালিছক।

উইকেটকীপাৰ বেটছমেন হিচাপে পাকিস্তানৰে ৰচিদ লতিফক নিৰ্বাচিত কৰে।

আনহাতে বলিং আক্ৰমণৰ দায়িত্ব প্ৰদান কৰিছে পাকিস্তানৰে ৱাছিম আক্ৰাম, চোৱাইব আখতাৰ, অষ্ট্ৰেলিয়াৰ গ্ৰেন মেকগ্ৰাথ আৰু স্পীনাৰ হিচাপে শ্বেন ৱাৰ্ণক।

উল্লেখ্য যে আফ্ৰিদিয়ে পাকিস্তানৰ পাঁচগৰাকী, অষ্ট্ৰেলিয়াৰ চাৰিগৰাকী, দক্ষিণ আফ্ৰিকা আৰু ভাৰতৰ একোজনকৈ খেলুৱৈক স্থান দিছে।