শাৰদ পাৱাৰক হত্যাৰ ভাবুকি: সুৰক্ষাৰ দায়িত্ব ল’লে মুখ্যমন্ত্ৰী সিন্দেই

Sharad Pawar

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ মুৰব্বী তথা বয়োজ্যেষ্ঠ ৰাজনীতিবিদ শাৰদ পাৱাৰলৈ আহিছে মৃত্যুৰ ভাবুকি। পাৱাৰৰ কন্যা তথা দলৰ নেত্ৰী সুপ্ৰিয়া চুলেই প্ৰকাশ কৰে এই খবৰ। চুলেই জানিবলৈ দিয়া মতে, পাৱাৰলৈ ফেচবুকত এক মেছেজ যোগে হত্যাৰ ভাবুকি দিয়া হৈছে।

সুপ্ৰিয়া চুলেই মুম্বাই আৰক্ষীক দিয়া ভাষ্য মতে, পাৱাৰলৈ ফেচবুকত অহা বাৰ্তাটোত সমাজ কৰ্মী নৰেন্দ্ৰ দাভোলকাৰৰ দৰে হত্যাৰ ভাবুকি দিয়া হৈছে। অন্ধবিশ্বাস তথা কুসংস্কাৰৰ বিৰুদ্ধে যুঁজ দিয়া দাভোলকাৰক ২০১৩ চনৰ ২০ আগষ্টত পুনেত ৰাতিপুৱা খোজ কাঢ়ি থকা সময়তে দুই বাইক আৰোহীয়ে গুলীয়াই হত্যা কৰিছিল।

ইফালে শাৰদ পাৱাৰলৈ অহা এই হত্যাৰ ভাবুকিৰ খবৰ প্ৰকাশৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেই পাৱাৰৰ সুৰক্ষাৰ প্ৰতিশ্ৰুতি দিয়ে। তেওঁ এক টুইট যোগে প্ৰবীণ ৰাজনীতিবিদগৰাকীৰ সুৰক্ষাৰ প্ৰতি চৰকাৰে যত্ন ল’ব বুলি মন্তব্য কৰে।

মুখ্যমন্ত্ৰী সিন্দেই ব্যক্তিগতভাৱে জ্যেষ্ঠ আৰক্ষী বিষয়াৰ সৈতে এই সন্দৰ্ভত কথা পাতি তদন্তৰ বাবে নিৰ্দেশনা দিছে বুলি উল্লেখ কৰে। মাৰাঠী ভাষাত লিখা টুইটটোত তেওঁ কয়, “শাৰদ পাৱাৰ এগৰাকী জ্যেষ্ঠ নেতা আৰু আমি সকলোৱে তেওঁক সন্মান কৰো। তেওঁৰ সুৰক্ষাৰ সম্পূৰ্ণ যত্ন লোৱা হ’ব।”

প্ৰয়োজন হ’লে পাৱাৰৰ নিৰাপত্তা বৃদ্ধি কৰিবলৈ আৰক্ষীক নিৰ্দেশনা দিয়া হৈছে বুলি উল্লেখ কৰি একনাথ সিন্দেই লগতে বিগত কিছুদিন ধৰি মহাৰাষ্ট্ৰৰ পৰিৱেশ নষ্ট কৰাৰ বাবে কৌশলী প্ৰচেষ্টা চলি আহিছে বুলিও দাবী কৰে।