NORTHEAST NOW (Assamese)

গুৱাহাটীত চাৰ্জিল ইমাম, আজিয়ে হাজিৰ কৰোৱা হ’ব আদালতত

February 20, 2020 8:55 pm · দীপজ্যোতি শৰ্মা

দেশদ্ৰোহত অভিযুক্ত চাৰ্জিল ইমামক আজি দিল্লীৰ পৰা গুৱাহাটীলৈ ৰে’লযোগে লৈ অনা হয়।

অসমক ভাৰতৰ পৰা বিচ্ছিন্ন কৰাৰ হুংকাৰ দিয়া চাৰ্জিল ইমামক আজি ৰাতিয়েই আদালতত হাজিৰ কৰা হ’ব।

মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটেলত ইতিমধ্যে তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে।

তাৰ পিছতে তেওঁক কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতলৈ লৈ যোৱা হৈছে।

অসম আৰক্ষীয়ে ১৪ দিনৰ জিম্মাত বিচাৰিছে চাৰ্জিল ইমামক।

ইফালে চাৰ্জিল ইমাম গুৱাহাটী ৰেল ষ্টেচনত আহি উপস্থিত হোৱাৰ লগে লগে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ কামৰূপ মহানগৰ জিলা সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

Related News