যোগীৰাজ্যৰ যুৱকৰ কাণ্ড : বিয়াৰ প্ৰস্তাৱ অস্বীকাৰ কৰাৰ বাবেই তিনিদিন ধৰি ধৰ্ষণ,  কিশোৰীৰ মুখত গৰম লোহাৰে লিখিলে নিজৰ নাম

যোগীৰাজ্য উত্তৰ প্ৰদেশত মহিলাৰ সুৰক্ষাক লৈ পুনৰ উত্থাপন হৈছে প্ৰশ্নৰ। এইবাৰ বিবাহৰ প্ৰস্তাৱ অস্বীকাৰ কৰাৰ বাবেই এগৰাকী

১৭ বছৰীয়া কিশোৰীক তিনিদিন ধৰি বাৰে বাৰে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে এজন যুৱকৰ বিৰুদ্ধে।

কেৱল সেয়াই নহয়, যুৱকজনে গৰম লোহাৰ ৰডেৰে কিশোৰীগৰাকীৰ মুখত নিজৰ নাম লিখা বুলি জানিব পৰা গৈছে।

উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত সংঘটিত হৈছে এই ঘটনা। ইতিমধ্যে অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

জানিব পৰা মতে যোৱা ১৯ এপ্ৰিলৰ নিশা যুৱকজনে বলপূৰ্বকভাৱে ভুক্তভোগী কিশোৰীগকীৰ নিজৰ ঘৰলৈ লৈ গৈছিল। তাতে তিনিদিন ধৰি ৰাখিছিল আৰু অবিৰতভাৱে ধৰ্ষণ কৰিছিল। তাৰ পিছত সুযোগ বুজি কিশোৰীগৰাকীয়ে তাৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়।

তাৰপিছত আৰক্ষী থানাত যুৱকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰেভুক্তভোগীয়ে।

খবৰ অভিযুক্তৰ বয়স ২১ বছৰ। ভুক্তভোগী কিশোৰীগৰাকীয়ে জনোৱা মতে এই নিৰ্যাতনত যুৱকজনক সহায় কৰিছিল যুৱকজনৰ

মাক আৰু ভনীয়েকে। মুখত গৰম লোহাৰ লগাই দিয়াৰ সময়ত যুৱতীগৰাকী ধৰি আছিল যুৱকৰ মাক আৰু ভনীয়েকে।

আৰক্ষীৰ সূত্ৰ অনুসৰি অভিযুক্তৰ বিৰুদ্ধে প্ৰথমে দণ্ডবিধিৰ ধাৰা ৩৪৩, ৩২৩ , ৫০৪, আৰু ৩৭৬ ধাৰাৰ লগতে POCSO ধাৰাতো গোচৰ ৰুজু কৰা হৈছে।