NORTHEAST NOW (Assamese)

দুবছৰ ধৰি চলিল কেঞ্চাৰৰ চিকিৎসা ; তাৰপিছত হে গম পালে হোৱাই নাই কেঞ্চাৰ, তাৰপিছত…. 

October 21, 2023 5:15 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: October 21, 2023 4:48 pm

লণ্ডনৰ ইয়ৰ্কশ্বাৰৰ বাসিন্দা মেগান ৰয়লীৰ ছালৰ কৰ্কট ৰোগ ধৰা পৰিছিল। দুবছৰমান চিকিৎসাৰ অন্তত হঠাৎ গম পালে যে তেওঁৰ কৰ্কটয় ৰোগ হোৱাই নাই। 

কিন্তু ডাক্তৰৰ পৰামৰ্শ মতে তেওঁ বিভিন্ন ব্যয়বহুল পৰীক্ষা আৰু চিকিৎসাৰ মাজেৰে পাৰ হ’বলগীয়া হৈছিল।

৩৩ বছৰীয়া মেগানে কয়, ‘মোৰ কেন্সাৰ হৈছে বুলি ভাবি যোৱা দুবছৰ ধৰি মই বিভিন্ন পৰীক্ষা কৰি আহিছো। ইয়াৰ পিছত হঠাতে এদিন মোক খবৰ দিয়া হ’ল যে মোৰ শৰীৰত কেন্সাৰ কেতিয়াও নাছিল। এই কথা শুনাৰ পিছত মই মানসিকভাবে ভাগি পৰিলোঁ।” 

চিকিৎসাৰ অংশ হিচাপে মেগানে  ইমিউন’থেৰাপি আৰু কণী সংৰক্ষণৰ দৰে ব্যয়বহুল পদ্ধতিৰ সন্মুখীন হ’বলগীয়া হৈছিল। শৰীৰৰ পৰা ‘কেন্সাৰ কোষ’ আঁতৰাবলৈ অস্ত্ৰোপচাৰো কৰিছিল চিকিৎসকে।

২০১৯ চনত ‘কেন্সাৰ ধৰা পৰা’ পিছত গেৰ্বাৰ মেগানে ২০২১ চনত গম পাইছিল যে কেন্সাৰ নোহোৱাকৈয়ে দুবছৰ ভুল চিকিৎসাৰ বলি হ’ল তেওঁ।

কিন্তু মেগানে হাৰ নামানিলে। ইমান দিনে কৰা অন্যায়ৰ বিৰুদ্ধে তেওঁ আদালতত গোচৰ ৰুজু কৰিছিল। 

বিভিন্ন প্ৰমাণৰ ভিত্তিত আদালতে তেওঁক ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিয়ে।

Related News