মেঘালয়ৰ প্ৰথম কোভিদ-১৯ আক্ৰান্ত চিকিৎসকগৰাকীৰ মৃত্যু

coronavirus-death-1-700x375

প্ৰতিনিধিত্বমূলক চিত্ৰ

মেঘালয়ৰ প্ৰথমগৰাকী কোভিদ-১৯ত আক্ৰান্ত ৬৯ বছৰীয়া চিকিৎসক ৰোগীজনৰ আজি মৃত্যু হয়। ক’ৰ’নাত আক্ৰান্ত এই ৰোগীজনৰ নিশা প্ৰায় ২.৪৫ বজাত মৃত্যু হোৱা বুলি পৰিয়ালৰ ঘনিষ্ঠ সূত্ৰই নিশ্চিতি প্ৰদান কৰে।

শ্বিলংস্থিত বেথানি চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসকগৰাকী যোৱা সোমবাৰে ক’ৰ’নাত আক্ৰান্ত হোৱাৰ খবৰ পোহৰলৈ আহিছিল।

উল্লেখ্য যে মেঘালয় চৰকাৰৰ স্বাস্থ্য বিভাগৰ আয়ুক্ত ও সচিব চম্পথ কুমাৰেও ক’ৰ’নাত আক্ৰান্ত ব্যক্তিজনৰ মৃত্যু হোৱা বুলি জানিবলৈ দিয়ে। ৰাজ্যখনৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাই এটা টুইটৰ জৰিয়তে মৃত্যু হোৱা চিকিৎসকগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

ইফলে এই খবৰ বিয়পি পৰাৰ লগে লগে তেওঁৰ বন্ধু তথা শুভাকাংক্ষী সকলে ছ’চিয়েল মিডিয়াৰ জৰিয়তে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা পৰিলক্ষিত হৈছে।

ইতিমধ্যে ত্ৰিপুৰাৰ প্ৰদ্যুত দেৱ বৰ্মনেও ক’ৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা চিকিৎসকগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এটা টুইট কৰে।

কোনো ধৰণৰ ভ্ৰমণ পৰিক্ৰমা নথকা চিকিৎসক গৰাকী কেনেদৰে এই মহামাৰী ভাইৰাছবিধৰ কৱলত পৰিল সেয়া সকলোৰে বাবে ৰহস্য হৈ পৰিছে।

মেঘালয় চৰকাৰে এতিয়া বিশ্ব স্বাস্থ্য সংস্থা আৰু ভাৰত চৰকাৰে বান্ধি দিয়া নীতি-নিয়মৰে লোকজনৰ অন্তিম কাৰ্য সম্পন্ন কৰিব।

উল্লেখ্য যে বেথানি হাস্পতালত ২২ মাৰ্চৰ ৰিছত অহা সকলো ৰোগী আৰু লোককে জৰুৰী হেল্প নম্বৰৰ জৰিয়তে স্বাস্থ্য বিভাগক যোগাযোগ কৰিব দিয়াৰ লগতে স্বাস্থ্য পৰীক্ষা কৰোৱাৰ বাবেও মেঘালয় চৰকাৰে অনুৰোধ জনাইছিল।

জ্যেষ্ঠ চিকিৎসকজনৰ নমুনা নৰ্থ-ইষ্টাৰ্ণ ইন্দিৰা গান্ধী ৰিজ’নেল ইনষ্টিটিউট অব হেল্থ এণ্ড মেডিকেল ছায়েন্সেছে কৰা পৰীক্ষাত আৰু পিছত ইয়াৰ নিশ্চিতি প্ৰদান কৰে পুনেৰ এন আই ভিয়ে।

ক’ৰ’না পজিটিভ অহাৰ লগে লগে ৰাজ্য চৰকাৰে চিকিৎসকজনে কাম কৰা ব্যক্তিগত চিকিৎসালয়খনৰ লগতে সমগ্ৰ অঞ্চলটো ছীল কৰি দিছিল।

ইয়াৰ উপৰি ইষ্ট খাচি হিলছ জিলা প্ৰশাসনে মঙলবাৰৰ ৰাতিপুৱাৰ পৰা ৪৮ ঘণ্টাৰ বাবে শ্বিলঙৰ লগতে ইয়াৰ কাষৰীয়া অঞ্চলত কাৰ্ফিউ লগাইছিল।