আই লীগ ২০১৮-১৯ : ২৮ অক্টোবৰত অভিযান আৰম্ভ কৰিব চিলং লাজং এফ চিয়ে

ফাইল ফটো

অহা ২৬ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ঘৰুৱা ফুটবলৰ আগশাৰীৰ টুৰ্ণামেণ্ট আই লীগ। দ্বাদশ বাৰ্ষিক প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিবলগীয়া ভাৰতৰ সকলোবোৰ আগশাৰীৰ ফুটবল ক্লাবৰ লগতে উত্তৰ-পূবৰ চিলং লাজং ক্লাবো সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে।

চিলং লাজং ক্লাবে ২০১৮-১৯ বৰ্ষৰ লীগৰ প্ৰথমখন মেচ অহা ২৮ অক্টোবৰত নিজৰ ঘৰৰ মাটিত আইজল এফ চিৰ বিৰুদ্ধে খেলিব। এই মেচখনৰ বাবে ইতিমধ্যে চিলং লাজং ক্লাবৰ অনুৰাগীসকলৰ মাজত যথেষ্ট উৎসাহ উদ্দীপনাই বিৰাজ কৰা পৰিলক্ষিত হৈছে।

২৮ অক্টোবৰত নিজৰ ঘৰৰ মাটিতে চিজনৰ প্ৰথমখন মেচত অংশগ্ৰহণ কৰিব বুলি চিলং লাজং এফ চিৰ ফালৰ পৰা টুইটযোগে এই কথা জানিবলৈ দিয়ে।

শনিবাৰে ক্লাবৰ ফালৰ পৰা টুইটযোগে চিজনৰ প্ৰথমখন ঘৰুৱা মেচত সকলো ফুটবলপ্ৰেমীকে ষ্টেডিয়ামত উপস্থিত থাকি চিলং লাজং এফ চিক সমৰ্থন জনাবলৈ আহ্বান জনায়। চিলং লাজং এফ চিয়ে টুইটযোগে কয়, ‘২০১৮-১৯ বৰ্ষৰ আই লীগৰ বাবে আপোনালোকৰ ঘৰুৱা দল চিলং লাজং এফ চি সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে! অহা ২৮ অক্টোবৰৰ সন্ধিয়া আইজল এফ চিৰ বিৰুদ্ধে খেলিবলগীয়া প্ৰথমখন মেচত ঘৰুৱা দলটোক সমৰ্থন জনাবলৈ ষ্টেডিয়ামত উপস্থিত থাকিব’।

উল্লেখ্য যে উত্তৰ-পূবৰ আগশাৰীৰ ফুটবল ক্লাব চিলং লাজং এফ চি দলত কোনো ধৰণৰ বিদেশী খেলুৱৈ নাই। যোৱাটো বৰ্ষত চিলং লাজঙত চাৰিজন বিদেশী খেলুৱৈ আছিল যদিও এই বৰ্ষৰ বাবে দলটোৱে কোনো এজন বিদেশী খেলুৱৈকে চুক্তিবদ্ধ নকৰিলে।

এই সন্দৰ্ভত চিলং লাজঙৰ প্ৰশিক্ষক এলিছন খ্ৰেছিনটিউৱে প্ৰকাশ কৰে, ‘বিদেশী খেলুৱৈৰ অবিহনে প্ৰতিযোগিতাখনত প্ৰতিদ্বণ্ডিতা কৰাতো আমাৰ বাবে প্ৰত্যাহ্বান হ’ব, কিন্তু প্ৰশিক্ষক হিচাপে মই এই ক্ষেত্ৰত খেলুৱৈ সকলৰ লগত কঠিন পৰিশ্ৰম কৰিব লাগিব। তদুপৰি খেলুৱৈ সকলেও নিজৰ মাজত বিশ্বাস ৰাখিব লাগিব’।