এছিয়ান চেম্পিয়নশ্বিত একেৰাহে ৪ৰ্থ বাৰত পদক নিশ্চিত কৰি বিৰল কৃতিত্ব শিৱ থাপাৰ

Shiva Thapa_File_Photo

শিৱ থাপা। ফাইল ফটো।

অসমৰ বিশ্বখ্যাত বক্সাৰ শিৱ থাপাই থাইলেণ্ডৰ বেংককত চলি থকা এছিয়ান কনফেডাৰেইশ্যন চেম্পিয়নশ্বিপত (Asian Confederation Boxing Championships) আজি চমকপ্ৰদ প্ৰদৰ্শনেৰে পদক নিশ্চিত কৰে।

এছিয়ান চেম্পিয়নশ্বিপত খেলুৱৈজনে একেৰাহে চতুৰ্থবাৰৰ বাবে পদক নিশ্চিত কৰাৰ লগে লগে এই কৃতিত্ব স্পৰ্শ কৰা প্ৰথমজন ভাৰতীয় বক্সাৰত পৰিণত হৈছে।

৬০ কেজিৰ লাইটৱেইটত খেলা থাপাই আজি থাইলেণ্ডৰ ৰুজাক্ৰন জানট্ৰঙৰ (Rujakran Juntrong) বিৰুদ্ধে যুঁজত নামিছিল।

সুন্দৰ ফৰ্মত থকা অভিজ্ঞ থাপাই প্ৰথম ৰাউণ্ডৰ পৰাই তেওঁৰ প্ৰতিদ্বন্দ্বীজনক কোনো সুযোগ নিদি খেল একপক্ষীয় কৰি তোলে। থাপাই ৫-০ পইণ্টত সহজ জয় সাব্যস্ত কৰে।

ছেমিত থাপাই কাজাখাস্তানৰ জাকিৰ ছেফিউলিনৰ বিৰুদ্ধে খেলিব। ছেফিউলিন ২০১৫ চনৰ ৰূপৰ পদক বিজয়ী।

ক্ৰীড়া ক্ষেত্ৰত প্ৰদৰ্শনেৰে দেশলৈ সুনাম কঢ়িয়াই অনা বাবে অৰ্জুন বঁটাৰে সন্মানিত অসমৰ বক্সাৰজনে ইয়াৰ পূৰ্বে এছিয়ান প্ৰতিযোগিতাত ২০১৩ চনত স্বৰ্ণ পদক, ২০১৫ চনত ব্ৰঞ্জৰ পদক আৰু ২০১৭ চনত ৰূপৰ পদক পাইছিল। এইবাৰ পদক নিশ্চিত হোৱাৰ লগে লগে এছিয়ান চেম্পিয়নশ্বিপত একেৰাহে চতুৰ্থটো পদক পোৱা একমাত্ৰ ভাৰতীয় বক্সাৰত পৰিণত হয় থাপা।

বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক জিকা যুৱ বক্সাৰজনে ২০১২ চনৰ লণ্ডন অলিম্পিকতো অংশগ্ৰহণ কৰিছিল।