NORTHEAST NOW (Assamese)

কৃত্ৰিম বানৰ কবলত শিৱসাগৰত: জলমগ্ন ঐতিহাসিক ৰংঘৰ চৌহদো

June 23, 2025 8:40 pm · এন ই নাও নিউজ, গুৱাহাটী

দেওবাৰে নিশা ধাৰাসাৰ বৰষুণৰ ফলত শিৱসাগৰ চহৰ আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহত কৃত্ৰিম বানৰ কবলত পৰাৰ ফলত স্বাভাৱিক জীৱন অস্থিৰ হৈ পৰিছে। চহৰখনৰ ১৪টা পৌৰসভাৰ ৱাৰ্ডৰ আধাতকৈও অধিক এতিয়া প্লাৱিত হোৱাৰ লগে লগে বাসিন্দাসকলে কৃত্ৰিম বান সংকটৰ সৈতে যুঁজিব লগীয়া হৈছে।

দৌলমুখ চাৰি আলিৰ দৰে গুৰুত্বপূৰ্ণ অঞ্চলসমূহ জলমগ্ন হৈ পৰাৰ ফলত দৈনন্দিন জীৱন, ব্যৱসায়-বাণিজ্য সম্পূৰ্ণৰূপে অচল হৈ পৰিছে।

সাধাৰণ ৰাইজৰ অভিযোগ যে কৃত্ৰিম বানপানী মানৱসৃষ্ট দুৰ্যোগ, ইয়াৰ মূলতে হৈছে নিষ্কাশন ব্যৱস্থা বন্ধ হোৱা আৰু বাৰিষাৰ পূৰ্বে সময়মতে ৰক্ষণাবেক্ষণৰ অভাৱ। বিশেষকৈ অপৰিকল্পিত নিৰ্মাণ আৰু পৌৰসভাৰ উপেক্ষাৰ বাবেই এই দুৰ্গতিৰ মুখ্য কাৰণ বুলি মন্তব্য কৰিছে একাংশ সচেতন নাগৰিকে।

বিশেষকৈ কৃত্ৰিম বানৰ সৰ্বাধিক প্ৰভাৱ পৰিছে ঐতিহাসিক ৰংঘৰৰ চৌহদত। বৰষুণৰ পানী নিষ্কাষণৰ বাবে নলা-নর্দমাসমূহ যথাযথভাৱে খনন নকৰা, সৌন্দৰ্যবৰ্ধন প্রকল্পৰ নামত পুৰাতত্ত্বসামগ্ৰী সংৰক্ষণৰ পৰিৱৰ্তে নলা-পথ বন্ধ কৰি পেলোৱা আদি একাধিক কাৰণ এই পৰিস্থিতিৰ বাবে দায়ী বুলি দল-সংগঠনসমূহে ক্ষোভ প্ৰকাশ কৰিছে।

লক্ষণীয়ভাৱে, কেইমাহমান পূৰ্বেও একেধৰণৰ কৃত্ৰিম বানত ৰংঘৰ চৌহদ প্লাৱিত হৈছিল। এতিয়া পুনৰ এই অৱস্থা উদ্ভৱ হোৱাৰ ফলত ৰংঘৰৰ অস্তিত্বৰ ওপৰত ভাবুকি নামি আহিছে বুলি মত প্ৰকাশ কৰিছে। কেন্দ্ৰীয় পুৰাতত্ব বিভাগেও সময়ত প্ৰয়োজনীয় পদক্ষেপ ল’ব পৰা নাই বুলি অভিযোগ উঠিছে।

ইপিনে, প্ৰশাসনে তাৎক্ষণিকভাৱে অভিযান চলাই ৰংঘৰৰ চৌহদৰ পানী নিষ্কাষণ সম্পন্ন কৰা বুলি জানিব পৰা গৈছে।

অৱশ্যে এই সাময়িক ব্যৱস্থাৰ পাছতো ৰংঘৰৰ দীৰ্ঘম্যাদী সংৰক্ষণ আৰু শিৱসাগৰৰ জলনিৰ্বাহ ব্যৱস্থাৰ আধুনিকীকৰণৰ দাবী জনাইছে জনসাধাৰণ আৰু সচেতন মহলে।

Related News