• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

শগুণৰ মৃত্যু উপত্যকাত পৰিণত হৈছে শিৱসাগৰ

প্ৰতি বছৰেই শিৱসাগৰত মৃত্যু হৈছে জাকে জাকে শগুণ। যোৱা ২০১৮ চনৰ মাৰ্চ মাহতো শিৱসাগৰত কুকুৰ মাৰিবলৈ বিহ দি পথাৰত পেলাই থোৱা ছাগলীৰ মঙহ খাই মৃত্যু হৈছিল ৬০ টাকৈ শগুণৰ।

এন ই নাও নিউজ, শিৱসাগৰ by এন ই নাও নিউজ, শিৱসাগৰ
January 24, 2023 3:44 pm
শগুণৰ মৃত্যু উপত্যকাত পৰিণত হৈছে শিৱসাগৰ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শগুণৰ মৃত্যু উপত্যকাত পৰিণত হৈছে শিৱসাগৰ। শিৱসাগৰত একে ৰাতিতে মৃত্যু হৈছে ২৫ টাকৈ দুস্প্ৰাপ্য শগুণ। শিৱসাগৰৰ পাণবেচাৰ লৰাপুটা নাওজানত মৃত গৰু ভক্ষণৰ পিছতেই ২৫টাকৈ শগুণ মৃত্যুমুখত পৰাৰ উপৰিও ৮টা শগুণ গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে বুলি জানিবলৈ পোৱা গৈছে। অসুস্থ শগুণকেইটাক ইতিমধ্যে বন বিভাগে চিকিৎসা প্ৰদান কৰি আছে।

যোৱা ২০১৮ চনৰ মাৰ্চ মাহতো শিৱসাগৰত কুকুৰ মাৰিবলৈ বিহ দি পথাৰত পেলাই থোৱা ছাগলীৰ মঙহ খাই মৃত্যু হৈছিল ৬০ টাকৈ শগুণৰ। শিৱসাগৰৰ মগৰাহাটৰ একাংশ অবিবেচক লোকৰ বাবে সংঘটিত হৈছিল এই কৰুণ ঘটনা।

২০২১ চনত ডিমৌৰ চৰগোৱাত বিষক্ৰিয়াত মৃত্যু হৈছিল ৩টাকৈ শগুণৰ। ২০১৮ চনতো ডিমৌৰ পানী দিহিং গাঁও পঞ্চায়তৰ অন্তৰ্গত জামুগুৰি পথাৰত এটা মৃত গৰু পোৱালীৰ মাংস খাই মৃত্যু হৈছিল ২০ টাকৈ শগুণৰ।

শিৱসাগৰত এইদৰে শগুণৰ মৃত্যু হোৱাক লৈ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সচেতন মহলৰ মাজত।

এনেদৰে ইমানবোৰ শগুণ একেলগে মৰাৰ ঘটনা অসমত এয়াই যে প্ৰথম তেনে নহয়। ইয়াৰ আগতেও এনেদৰে বিষক্ৰিয়াত মৃত্যু হৈছে হাজাৰ হাজাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ শগুণ।

যোৱা বছৰ এপ্ৰিল মাহত পশ্চিম গুৱাহাটী সমষ্টিৰ অন্তৰ্গত বৰিহাটৰ বৰহেৰামদৈৰ আদিপুৰত মৃত কুকুৰ ভক্ষণ কৰি মৃত্যু হৈছিল ২০ টা শগুণৰ। তাৰ ১ মাহ পূৰ্বে অৰ্থাৎ ২০২২ চনৰ মাৰ্চ মাহত ছয়গাঁওত বিষক্ৰিয়া ঘটি প্ৰায় ১০০ টা শগুণৰ মৃত্যু হোৱাৰ কথা হয়তো আপোনালোকে হয়তো পাহৰা নাই। তাৰো পূৰ্বে গুৱাহাটী মহানগৰীৰ সমীপৰ আজাৰাত ৰে’ল লাইনত পৰি থকাত প্ৰায় ১০টা শগুণ ৰে’লে কাটি পেলোৱাৰ ফলত মৃত্যু হৈছিল। তেনেদৰে ৰাণী বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত বৰপ্ৰতিমা গাঁৱতো এটা মৃত ছাগলীৰ মাংস ভক্ষণ কৰি ১২ টাকৈ বিলুপ্তপ্ৰায় হিমালয়ান প্ৰজাতিৰ শগুণৰ মৃত্যু হোৱা  খবৰ প্ৰকাশ পাইছিল সংবাদ মাধ্যমত।  ২০১৮ চনৰ জানুৱাৰী মাহত ছয়গাঁৱৰ পাচ আমতলাত ১৬ টা শগুণৰ মৃতদেহ উদ্ধাৰ কৰিছিল স্থানীয় লোকে।

২০২১ চনৰ ফ্ৰেব্ৰুৱাৰী মাহত তিনিচুকীয়া জিলাৰ শদিয়াত গৰুৰ বিষাক্ত মৃতদেহ ভক্ষণ কৰি মৃত্যু হৈছিল ২০ টাকৈ শগুণৰ।

২০২১ চনৰে জানুৱাৰী মাহত তিনিচুকীয়া জিলাৰ ধলাৰ তালাব ৰেঞ্জত গৰুৰ দুটাকৈ বিষাক্ত মৰাশ ভক্ষণ কৰি মৃত্যু মুখত পৰিছিল দুষ্প্ৰাপ্য প্ৰজাতিৰ ২৩ টাকৈ শগুণ। শিৱসাগৰৰ দিচাংমুখত কুকুৰ মাৰিবলৈ বিহ দিয়া ছাগলীৰ মাংস ভক্ষণ কৰি ১৯ টাকৈ শগুণৰ মৃত্যু হৈছিল।  ঠিক তেনেদৰে ২০২০ চনৰ জানুৱাৰী মাহত গোৱালপাৰাত ৰে’লৱে কৰ্মীৰ অসাৱধানতাৰ বাবে ৰে’লৰ খুন্দাত মৃত্যু হৈছিল তিনিটাকৈ শগুণ।

এয়া মাত্ৰ কেইটামান উদাহৰণহে। এনেকৈ সংবাদ মাধ্যম বা বন বিভাগৰ জ্ঞাতে-অজ্ঞাতে প্ৰতি বছৰে শ শ শগুণৰ মৃত্যু হৈছে। একাংশ অবিবেচক আৰু এচাম প্ৰকৃতি বিৰোধী লোকে এনেদৰে পাতি আহিছে শগুণৰ নিধন যজ্ঞ।

উল্লেখ্য যে ভাৰতত ৯ টা প্ৰজাতিৰ শগুণ পোৱা যায়। বম্বে নেচাৰেল ছ’চাইটিয়ে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ পৃষ্ঠপোষকতাত এটা জৰীপ চলাই এই নটা প্ৰজাতিৰ ভিতৰত মূলতঃ তিনিটা প্ৰধান বিপন্ন প্ৰজাতিৰ শগুণৰ কথা উল্লেখ কৰিছিল। সেই প্ৰজাতি কেইটা হৈছে – slender billed, oriental white rumped  আৰু long billed ।

আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে Bombay Natural History Society ৰ তথ্য অনুসৰি ১৯৮০ চনলৈকে ভাৰতত থকা শগুণৰ পৰিমাণ আছিল প্ৰায় ৪ কোটি।  কিন্তু বৰ্তমান এই সংখ্যা কমি আহি প্ৰায় ৬০,০০০ পাইছেহি আৰু ই দিনে দিনে ভয়ানক হাৰত হ্ৰাস পাই আহি আছে। ১৯৯৬-২০০৬ এই সময়চোৱাৰ ভিতৰতেই শগুণৰ সংখ্যা ৯৭% হ্ৰাস হৈছিল। ইতিমধ্যেই আটাইতকৈ খৰকতীয়াকৈ সংখ্যা হ্ৰাস পোৱা প্ৰজাতিৰূপে পৰিগণিত হোৱা এই পৰিঘটনাটোক Asian Vulture Population Crash জনাজাত হৈছে।

এইদৰে তীব্ৰ গতিত শগুণৰ সংখ্যা-হ্ৰাস পাই অহাৰ কথা পোন-প্ৰথমবাৰৰ বাবে পোহৰলৈ আহে ১৯৯৭ চনত যেতিয়া Bombay Natural History Society ৰ এটা দলে ভৰতপুৰ, ৰাজস্থানৰ কেওলাদেও ঘানা ৰাষ্ট্ৰীয় উদ্যানৰ এটা শগুণৰ জাকত অস্বাভাৱিকভাৱে যথেষ্ট কম সংখ্যক শগুণৰ উপস্থিতিৰ কথা লক্ষ্য কৰে। ২০০৭ চনৰ মাৰ্চ-জুন মাহৰ ভিতৰত BNHS ৰ মুখ্য গৱেষক ডঃ বিভু প্ৰকাশ আৰু তেওঁৰ সহযোগীসকলে চলোৱা এক সমীক্ষা অনুসৰি ২০০০-২০০৭ চনৰ ভিতৰত বগা পিঠিৰ শগুণৰ সংখ্যা বছৰি প্ৰায় ৪৩.৯ শতাংশ হাৰত কমি আহিছিল। ১৯৯২ চনৰ কেইবালাখো বগা পিঠিৰ শগুণৰ সংখ্যা ১১ বছৰৰ ভিতৰত কমি গৈ ১১,০০০ ৰ সীমা চুইছিল। তেনেদৰেই দীঘল ঠোঁটৰ শগুণৰ সংখ্যা ১৫ লাখৰ পৰা ৪৫,০০০ আৰু লাহী ঠোঁটৰ শগুণৰ সংখ্যা ৩৩,০০০ ৰ পৰা ১০০০ হৈছিলগৈ ২০০৯ চনলৈ। এই দুটা প্ৰজাতিৰ সংখ্যাৰ প্ৰায় ৯৭% হ্ৰাস হৈছিল এই সময়ছোৱাৰ ভিতৰত।

আচলতে ব্যাপকভাবে এইদৰে জাকে জাকে শগুণৰ মৃত্যু বা শগুণৰ সংখ্যা অভাৱনীয় হাৰত হ্ৰাস পোৱাৰ কাৰণ কি? বিষক্ৰিয়াত শগুণৰ মৃত্যু হোৱাৰ মূল কাৰণটোৱেই হৈছে ডাইক্লফিনাশ নামৰ এবিধ ঔষধ। জীৱ জন্তুৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয় এই ডাইক্লফিনাশ নামৰ ঔষধবিধ। ২০০৪ চনত এই ঔষধেৰে চিকিৎসা কৰা জীৱ জন্তুৰ মাংস খোৱাৰ ফলতেই শগুণৰ মৃত্যু হোৱাৰ কথাটো জানিব পৰাৰ পিছতে ২০০৬ চনত ভাৰত চৰকাৰৰ দ্বাৰা এই ঔষধৰ উৎপাদন আৰু বিতৰণ বন্ধ কৰি তাৰ সলনি মেলক্সিকেম নামৰ ঔষধ ব্যৱহাৰৰ বাবে পৰামৰ্শ প্ৰদান কৰা হয় যদিও চৰকাৰৰ নাকৰ তলতেই গোপনে ইয়াৰ ব্যৱহাৰ আৰু উৎপাদন চলি থাকে। গোপনে ডাইক্লফিনাশৰ উৎপাদন আৰু বিতৰণ চলি থকাৰ কথা ২০২১ চনৰ জানুৱাৰী মাহত ফ্ৰন্টলাইন নামৰ আলোচনী খনত প্ৰকাশ পোৱা এটা প্ৰতিবেদন যোগে পোহৰলৈ আহে ।

ডাইক্লফিনাশৰ বাহিৰেও এচাম অসাধু লোকে কুকুৰ বা অন্য জীৱ মাৰিবৰ বাবে বিহ মিলাই থোৱা মাংস খায়ো মৃত্য হয় বহু শগুণৰ। তাৰ উপৰি জাবৰ জোথৰৰ দমত থকা ৰসায়নিক পদাৰ্থৰ বাবেও বিষক্ৰিয়াত মৃত্যু হয় শগুণৰ।

ইয়াৰ উপৰিও শগুণৰ প্ৰজনন অতি লেহেমীয়া। শগুণে সঘনাই প্ৰজনন কৰি পোৱালী জন্ম নিদিয়ে। যাৰ বাবে এতিয়া বিলুপ্তিৰ গ্ৰাসত পৰা শগুণৰ সংখ্যা বৃদ্ধি কৰাটো অতি জটিল হৈ পৰিছে। অৱশ্যে আধুনিক প্ৰযুক্তিৰ সহায়ত কৃত্ৰিম প্ৰজননৰ দ্বাৰা শগুণৰ সংখ্যা বৃদ্ধি কৰিব পৰা ব্যৱস্থা আছে যদিও ভাৰতত শগুণৰ প্ৰজনন কেন্দ্ৰৰ সংখ্যা তেনেই সীমিত।

এতিয়া কথাটো হ’ল শগুণ বচাবলৈ আমি কি কৰিব লাগিব। প্ৰথম কথা, ডাইক্লফিনাশ নামৰ মাৰাত্মক ঔষধৰ ব্যৱহাৰ বন্ধ কৰিব লাগিব। বিষাক্ত ৰসায়নিক দ্ৰব্য মিশ্ৰিত জাবৰ মুকলি ঠাইত পেলাব নালাগিব। কোনো জন্তু নিধনৰ বাবে মাংসত বিহ মিলাই থোৱা কামটো বন্ধ কৰিব লাগিব। শগুণৰ প্ৰজনন কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰিব লাগিব। ওখ গছ কটা বা অৰণ্য ধ্বংস ৰোধ কৰিব লাগিব। বন্যপ্ৰাণী সুৰক্ষা আইনখনক অধিক কঠোৰভাবে বলবৎ কৰিব লাগিব তেতিয়াহে পৃথিৱীৰ প্ৰাচীন আৰু প্ৰাকৃতিক চাফাইৱালা হিচাপে খ্যাত  শগুণসমূহ নিশ্চিহ্ন হৈ পৰাৰ পৰা বাচি থাকিব। শগুণে যে কেৱল গেলা পচা বস্তু  ভক্ষণ কৰি পৰিৱেশ পৰিস্কাৰ কৰি ৰাখে তেনে নহয়, বিভিন্ন ৰোগ যেনে চবকা, জলাতংক, টেটুৱা আদি ৰোগ বিয়পি পৰাত বাধা দিয়াৰ ক্ষেত্ৰতো শগুণে পালন কৰি আহিছে এক গুৰুত্বপূৰ্ণ ভূমিকা।

এন ই নাও নিউজ, শিৱসাগৰ

এন ই নাও নিউজ, শিৱসাগৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিজ্ঞানীসকলে খুলি দিলে ৩০০ বছৰে বন্ধ হৈ থকা চেম্বাৰ : ভিতৰৰ দৃশ্য দেখি সকলোৰে চকু কপালত

বিজ্ঞানীসকলে খুলি দিলে ৩০০ বছৰে বন্ধ হৈ থকা চেম্বাৰ : ভিতৰৰ দৃশ্য দেখি সকলোৰে চকু কপালত

August 26, 2025 6:15 pm
যোৱা কেইটামান সপ্তাহত ৪ বাৰকৈ ট্ৰাম্পৰ ফোন প্ৰত্যাখান কৰিছিল মোদীয়েঃ জাৰ্মান কাকতৰ দাবী

যোৱা কেইটামান সপ্তাহত ৪ বাৰকৈ ট্ৰাম্পৰ ফোন প্ৰত্যাখান কৰিছিল মোদীয়েঃ জাৰ্মান কাকতৰ দাবী

August 26, 2025 5:14 pm
বিজেপি ১০ বছৰ ক্ষমতাত থকাৰ পিছতো অনুপ্ৰৱেশকাৰী আহিয়েই আছে  : অসম চৰকাৰক তীব্ৰ সমালোচনা গৌৰৱ গগৈৰ

বিজেপি ১০ বছৰ ক্ষমতাত থকাৰ পিছতো অনুপ্ৰৱেশকাৰী আহিয়েই আছে  : অসম চৰকাৰক তীব্ৰ সমালোচনা গৌৰৱ গগৈৰ

August 26, 2025 4:54 pm
‘আমূল গাৰ্ল’ শশী থাৰুৰৰ ভগ্নী নেকি? নেট দুনীয়াত চৰ্চা, স্পষ্টীকৰণ কোম্পানীৰ

‘আমূল গাৰ্ল’ শশী থাৰুৰৰ ভগ্নী নেকি? নেট দুনীয়াত চৰ্চা, স্পষ্টীকৰণ কোম্পানীৰ

August 26, 2025 4:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিজ্ঞানীসকলে খুলি দিলে ৩০০ বছৰে বন্ধ হৈ থকা চেম্বাৰ : ভিতৰৰ দৃশ্য দেখি সকলোৰে চকু কপালত

বিজ্ঞানীসকলে খুলি দিলে ৩০০ বছৰে বন্ধ হৈ থকা চেম্বাৰ : ভিতৰৰ দৃশ্য দেখি সকলোৰে চকু কপালত

August 26, 2025 6:15 pm
যোৱা কেইটামান সপ্তাহত ৪ বাৰকৈ ট্ৰাম্পৰ ফোন প্ৰত্যাখান কৰিছিল মোদীয়েঃ জাৰ্মান কাকতৰ দাবী

যোৱা কেইটামান সপ্তাহত ৪ বাৰকৈ ট্ৰাম্পৰ ফোন প্ৰত্যাখান কৰিছিল মোদীয়েঃ জাৰ্মান কাকতৰ দাবী

August 26, 2025 5:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd