মন্ত্ৰী হিমন্তৰ চিকিৎসা বিভাগৰ কাণ্ড : তিনিচুকীয়াত ৰোগীক মৃত ঘোষণাৰে পেলাই থ’লে মৃতদেহৰ সৈতে

Tinisukia Civil Hospital Dead_man

তিনিচুকীয়াৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ অসামৰিক চিকিৎসালয়ত সংঘটিত এটা চৰম দায়িত্বহীন আৰু অমানৱীয় কাণ্ডই স্বৰূপ উদঙাই দিছে মন্ত্ৰী হিমন্তৰ চিকিৎসা বিভাগৰ সাম্প্ৰতিক ৰেহ-ৰূপৰ।

চিকিৎসালয়খনত তিনিদিন পূৰ্বেই ভৰ্তি কৰোৱা মহম্মদ হুছেইন নামৰ এজন ৰোগীক চিকিৎসকে মৃত ঘোষণা কৰি পেলাই থৈছিল মৃতদেহৰ সৈতে এটা আছুতীয়া কোঠাত। ৰোগীজনৰ আত্মীয়কো খবৰ দিছিল মৃতদেহ নিবলৈ।

কিন্তু তিনিচুকীয়াৰ হিজুগুৰিৰ পৰা আত্মীয় আহি হতচকিত হয় তেতিয়া, যেতিয়া ৰোগীজন মজিয়াত পৰি ছটফটাই থকা দেখা পায়।

আত্মীয়সকলে হৈ-চৈ কৰাত আৰু সাংবাদিক যোৱা বুলি জানিব পাৰি চিকিৎসালয়ৰ বিভাগীয় চিকিৎসক আহি ৰোগীজনক তাৰ পৰা চিকিৎসাৰ বাবে নিয়াৰ ব্যৱস্থা কৰে।

জীৱিত ৰোগীক মৃত বুলি মৃতদেহৰ সৈতে ৰখা এই দায়িত্বহীন কাণ্ডটোৱে মন্ত্ৰী হিমন্তৰ চিকিৎসা বিভাগৰ সাম্প্ৰতিক ৰেহ-ৰূপ কি পৰ্য্যায়ত আছে তাৰ এটা দৃষ্টান্ত দাঙি ধৰিছে।

উদ্বেগজনক ঘটনাটোৱে চাৰিওফালে চাঞ্চল্যৰ সৃষ্টি কৰিছে যদিও চিকিৎসালয়খনৰ কৰ্তৃপক্ষই এতিয়ালৈকে ইয়াক কেন্দ্ৰ কৰি কোনো স্পষ্টীকৰণ দিয়া নাই বা ভুল স্বীকাৰ কৰা নাই।