NORTHEAST NOW (Assamese)

Pushpa 2: ঘূৰি আহিছে পুষ্পাৰাজ! আৰম্ভ হৈছে শ্বুটিং, পুনৰ ৰূপালী পৰ্দা কঁপাব অৰ্জুন-ৰশ্মিকাই

August 23, 2022 7:38 am · এন ই নাও নিউজ, গুৱাহাটী

Allu Arjun and Rashmika Mandanna starring Pushpa 2 দক্ষিণ ভাৰতত ৰঙা চন্দন কাঠৰ চোৰাং ব্যৱসায়ৰ কাহিনীৰ ওপৰত আধাৰিত এখন অতি জনপ্ৰিয় ছবি হৈছে ‘পুষ্পা: দ্য ৰাইজ’। চলচ্চিত্ৰখনে কেৱল ভাৰততে নহয় সমগ্ৰ বিশ্বতে যথেষ্ট আলোড়নৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে।

চলচ্চিত্ৰখনত আল্লু অৰ্জুন আৰু ৰশ্মিকা মন্দনাই মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। ‘পুষ্পা: দ্য ৰাইজ’ৰ ব্যাপক সফলতাৰ পিছত নিৰ্মাতাসকলে চিকুৱেল নিৰ্মাণ কৰাৰ কথা ভাবিছিল। এইটোও ইংগিত দিছিল যে দ্বিতীয় ‘পুষ্পা’ আহি আছে।

এই সকলো জল্পনা-কল্পনাৰ পিছত জানিব পৰা গৈছে যে চলচ্চিত্ৰখনৰ দ্বিতীয় ভাগ ‘পুষ্পা: দ্য ৰুল’ আহি আছে।

বাতৰি অনুসৰি, সোমবাৰে ‘পুষ্পা: দ্য ৰুল’ৰ শ্বুটিং আৰম্ভ হ’ব। প্ৰথম দিনটোত পৰিচালক সুকুমাৰে শুভ মুহুৰৎ সম্পন্ন কৰি কামত হাত দিছে।

আল্লু অৰ্জুন আৰু ৰশ্মিকা মন্দনাৰ জনপ্ৰিয় যুটিটোক ছবিখনত পুনৰ একেলগে দেখা যাব।

সোমবাৰে ছবিখনৰ দৃশ্যগ্ৰহণ আৰম্ভ হোৱাৰ আগতে পৰিচালকগৰাকীয়ে এক আনুষ্ঠানিক ঘোষণা কৰিলে। শিৰোনামত লিখিছে, “পুষ্পা ৰাজ ঘূৰি আহিছে! এয়া শাসন কৰাৰ সময়! ভাৰতৰ আটাইতকৈ অধিক প্ৰত্যাশিত চিকুৱেল নিৰ্মাণৰ কাম পূজাভাগেৰে আৰম্ভ কৰা হৈছে।’

যোৱা বছৰৰ ১৭ ডিচেম্বৰত ‘পুষ্পা: দ্য ৰাইজ’ মুক্তি দিয়া হৈছিল। নবীন ইয়েৰনেনি আৰু ৱাই ৰবি শংকৰে প্ৰযোজনা কৰা ‘পুষ্পা: দ্য ৰাইজ’ৰ চিত্ৰনাট্য ৰচনা আৰু পৰিচালনা কৰিছে ‘আৰ্য’ হিচাপে পৰিচিত সুকুমাৰে। ছবিখনে মুক্তিৰ পাছৰে পৰা এটাৰ পিছত আন এটা অভিলেখ স্থাপন কৰিছে।

Related News