মধ্য অসমৰ নগাঁৱৰ কেইগৰাকীমান উদীয়মান ছাত্ৰ তথা চলচ্চিত্ৰপ্ৰেমী যুৱকৰ মিলিত প্ৰচেষ্টাৰে আত্ম প্ৰকাশ কৰা এটি অনুষ্ঠান “চিনেমালয়’ৰ উদ্যোগত পোন প্ৰথম বাৰৰ বাবে অহা ৮ আৰু ৯ ছেপ্টেম্বৰত নগাঁওস্থিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে নগাঁও আন্ত:ৰাষ্ট্ৰীয় চুটি তথা তথ্যভিত্তিক চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন কৰা হৈছে।
এই আয়োজনৰ প্ৰতি সঁহাৰি জনাই সমগ্ৰ বিশ্বৰ ২০খন দেশৰ পৰা প্ৰায় দ্বিশতাধিক চিনেমাই ইতিমধ্যে পঞ্জীয়ন কৰিছে আৰু মুঠ ৫৫খন নিৰ্বাচিত চিনেমা এই মহোৎসৱত প্ৰদৰ্শিত হ’ব।
মূল অনুষ্ঠানত দেশ-বিদেশৰ কেইবাজনো স্বনামধন্য চিনেমা পৰিচালক উপস্থিত থকাৰ লগতে অসম তথা ভাৰতৰ বহু কেইগৰাকী অভিনেতা-অভিনেত্ৰীও উপস্থিত থাকিব। মূলতঃ অসমৰ নৱ প্ৰজন্মক চলচ্চিত্ৰ নিৰ্মানৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ উদ্দেশ্যৰে আয়োজিত এই মহোৎসৱত স্বনামধন্য চলচ্চিত্ৰ নিৰ্মাতা সকলৰ সৈতে ”সমাজত চিনেমাৰ ভূমিকা” শীৰ্ষক এখনি মুকলি আলোচনা চক্ৰও অনুস্থিত হ’ব।
এই মহোৎসৱত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা কেইবাজনো দেশী-বিদেশী চুটি তথা তথ্যভিত্তিক চলচ্চিত্ৰ ” দ্য কেক্ ষ্ট’ৰী, (মহাৰাষ্ট্ৰ)’ লিয়াকট'(অসম)’ আইনহ’ ৱা'(স্পেইন) ‘গতিপথ’ (বাংলাদেশ) ইত্যাদি প্ৰদৰ্শিত হ’ব।
মহোৎসৱত প্ৰদৰ্শিত হ’বলগীয়া চিনেমাসমূহৰ সময়সূচী তথা মহোৎসৱৰ কাৰ্যসূচী www.cinemalay.com ৱেবছাইটত উপলব্ধ হ’ব। এই মহোৎসৱ সফল কৰি তুলিবৰ বাবে উদ্যোগক্তাসকলে ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে।
এই সন্দৰ্ভত জড়িত হ’ব বিচৰা সকলক ৭০০২০৪৫৮০৩ অথৱা ৯৮৩৫০০৬৫৬১ নম্বৰত যোগাযোগ কৰিবলৈ উদ্যোক্তা সকলে অনুৰোধ জনাইছে।