গোলাঘাটত CAA-বিৰোধী প্ৰতিবাদকাৰীৰ ঘৰলৈ গুলী; সন্দেহৰ আঙুলি বিজেপিৰ বিধায়ক মৃণাল শইকীয়ালৈ

Golaghat shots fired

গোলাঘাটত দুৰ্বৃত্তই নিক্ষেপ কৰা গুলী।

গোলাঘাটত CAA-বিৰোধী প্ৰতিবাদকাৰী আৰু বিজেপিৰ কৰ্মী-সমৰ্থক তথা CAA-ৰ সমৰ্থকৰ মাজৰ সংঘাতে বিপজ্জনক মোৰ লৈছে।

যোৱা নিশা CAA-বিৰোধী আন্দোলনক নেতৃত্ব দিয়া ৰূপা আৰু প্ৰাঞ্জল ৰাজখোৱাৰ ঘৰলৈ অচিনাক্ত দুৰ্বৃত্তই গুলীচালনা কৰাৰ দৰে ঘটনাই ইয়াৰ গভীৰতাৰ ইংগিত দিছে।

CAA-বিৰোধী প্ৰতিবাদকাৰী বিনয় বৰুৱা নামৰ এজন লোকৰ মাৰুতি ভেনখনৰো ক্ষতিসাধন কৰে অচিনাক্ত দুৰ্বৃত্তই।

ৰাজখোৱা দম্পতী আৰু বৰুৱা, আটাইকেইজনেই CAA-বিৰোধী আন্দোলনক সমুখৰ পৰা নেতৃত্ব দি আহিছে।

“মই যেতিয়া ঘৰৰ বাহিৰত গুলীৰ শব্দ শুনিছিলো তেতিয়া আলহীৰ লগত কথা পাতি আছিলো। প্ৰায় ১২ জাঁই গুলী চলোৱা হৈছে আৰু কিছুমান গুলী আমাৰ চোতালতো পৰিছে। ঘটনাৰ পিছত আমি জীৱনৰ শংকাত ভুগিছো। নিৰাপত্তাহীনতাত ভুগিছো”, ৰূপাই কয়, যি ঢেকীয়াল গাওঁ পঞ্চায়তৰো সভানেত্ৰী।

আনহাতে বিনয় বৰুৱাৰ ভাষ্যমতে, প্ৰতিবাদৰ এটা কাৰ্য্যসূচীৰ পিছত তেওঁ ভেনখন বাহিৰত ৰখাই ৰাজখোৱাৰ সৈতে কিবা কথা আলোচনা কৰিবলৈ তেওঁলোকৰ ঘৰত সোমাইছিল। দুৰ্বৃত্তই ভেনখনৰ ক্ষতিসাধন কৰে। গুলী সৰকি যায় গাড়ীখনৰ বডিৰ মাজেৰে।

“গোটেই ঘটনাটোত এটা সুপৰিকল্পিত ষড়যন্ত্ৰ আছে। সন্ত্ৰাসৰ, হিংসাৰ এটা পৰিৱেশ সৃষ্টি কৰাৰ উদ্দেশ্য আছে, যাতে আমাৰ প্ৰতিবাদী কণ্ঠক ৰোধ কৰিব খোজা হৈছে”, বৰুৱাই কয়।

“ইয়াৰ পূৰ্বেও CAA-বিৰোধী প্ৰতিবাদকাৰীক লক্ষ্য কৰি লোৱা হৈছে। যোৱা ১২ ডিচেম্বৰত মেৰামৰাস্থিত আমাৰ সদস্য নিতু শইকীয়া নামৰ এজন লোকৰ ঘৰলৈও গুলী চলোৱা হৈছিল। গোচৰ দিয়া হৈছিল যদিও আজিলৈকে আৰক্ষীয়ে একো নকৰিলে”, আছুৰ সহকাৰী সাধাৰণ সম্পাদক মনোৱাৰ হুছেইনে কয়।

উল্লেখযোগ্য যে জিলাখনৰ খুমটাই সমষ্টিৰ বিজেপি বিধায়ক মৃণাল শইকীয়াই CAA-বিৰোধী প্ৰতিবাদকাৰীক বিভিন্ন প্ৰকাৰে হুমকি দি আহিছে। আনকি CAA-বিৰোধী প্ৰতিবাদকাৰীক ওলোটাই মাৰিবলৈ, ঘৰ জ্বলাবলৈও উচটনি দিয়াৰ অভিযোগ আছে বিধায়কজনৰ বিৰুদ্ধে।

এই গুলীচালনাৰ ঘটনাৰ আঁৰতো বিতৰ্কিত বিধায়কজন জড়িত আছে বুলি স্থানীয় লোকৰ অভিযোগ।

বিধায়কজনক তৎকালে গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষী সঞ্চালকপ্ৰধান আৰু গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক আৰু উপায়ুক্ত স্মাৰকপত্ৰ দিয়া হৈছে, আছুৰ নেতাজনে কয়।