৩০ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব আইচিচিৰ মহিলাৰ এদিনীয়া বিশ্বকাপ। এইবাৰ বিশ্বকাপৰ আয়োজক দেশ ভাৰত। গুৱাহাটীত অনুষ্ঠিত হ’ব উদ্বোধনী অনুষ্ঠান। অৱশ্যে পাকিস্তানে তেওঁলোকৰ সকলো খেল শ্ৰীলংকাত খেলিব। শ্ৰেয়া ঘোষালে উদ্বোধনী অনুষ্ঠানত গান গাব। ইপিনে, ষ্টেডিয়াম দৰ্শকেৰে ভৰাই তোলাৰ বাবে আইচিচিয়ে ডাঙৰ সিদ্ধান্ত লৈছে।
কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হোৱা আই পি এলৰ অন্তিম ছিজনৰ উদ্বোধনী অনুষ্ঠানতো শ্ৰেয়াই গীত গাইছিল। এইবাৰ বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানতো দেখা যাব শ্ৰেয়াক। এইবাৰৰ বিশ্বকাপৰ বাবে ‘ব্ৰিং ইট হোম’ গীতটোও গাইছে শ্ৰেয়াই। ভাৰতে প্ৰথমবাৰৰ বাবে বিশ্বকাপ জয়ৰ সুযোগ আছে। এইবাৰৰ গীতটো তেওঁলোকক সেই বাৰ্তা দিবলৈ ৰচনা কৰা হৈছে।
ভাৰতীয় ষ্টেডিয়ামত বিশ্বকাপৰ খেলৰ টিকটৰ নূন্যতম মূল্য ১০০ টকা ৰখা হৈছে। আই চি চিৰ এই সিদ্ধান্তৰ আঁৰত এটা কাৰণ আছে। এতিয়া মহিলাৰ মেচবোৰত যথেষ্ট উপস্থিত থাকে। ভাৰতীয় ষ্টেডিয়ামতো সেয়া দেখা যায়। বিশ্বকাপৰ খেলত যাতে এখনো আসন খালী হৈ নাথাকে সেয়া আইচিচিয়ে বিচাৰে। সেইবাবেই টিকটৰ দাম কম ৰখা হৈছে।
এইবাৰ দুটা পৰ্যায়ত হ’ব টিকট বিক্ৰী। প্ৰথম পৰ্যায়ত ৪ ছেপ্টেম্বৰ বৃহস্পতিবাৰৰ পৰা টিকট বিক্ৰী আৰম্ভ হৈছে । ৮ ছেপ্টেম্বৰলৈকে অনলাইনযোগে বিক্ৰী চলি থাকিব। এই সময়ছোৱাত নূন্যতম ১০০ টকাত টিকট ক্ৰয় কৰিব পাৰিব। দ্বিতীয় পৰ্যায়ত ৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব। কিন্তু সৰ্বোচ্চ ক্ৰিকেট শাসক সংস্থাই তেতিয়া টিকটৰ নূন্যতম মূল্য কিমান হ’ব সেই কথা কোৱা নাই।
১২ বছৰৰ পাছত পুনৰ ভাৰতৰ মাটিত অনুষ্ঠিত হৈছে মহিলা বিশ্বকাপ। এইবাৰ ভাৰতৰ চাৰিখন ষ্টেডিয়ামত অনুষ্ঠিত হ’ব বিশ্বকাপ। গুৱাহাটীৰ উপৰিও ইন্দোৰ, বিশাখাপট্টনম আৰু নৱী মুম্বাইত খেল হ’ব। ইয়াৰ পূৰ্বে বেংগালুৰুত বিশ্বকাপ উদ্বোধন হোৱাৰ কথা আছিল। কিন্তু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ আই পি এল বিজয় উদযাপনৰ সময়ত ১১ জন লোকৰ ভয়াবহ মৃত্যুৰ পিছত মেচখন বেংগালুৰুৰ পৰা স্থানান্তৰিত কৰা হয়।
এইবাৰৰ বিশ্বকাপৰ পূর্বে প্রস্তুতিৰ কোনো সুৰুঙা এৰিব নিবিচাৰে ভাৰতে৷ বিশ্বকাপৰ পূৰ্বে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এক ছিৰিজ খেলিব। ইতিমধ্যে হৰমনপ্ৰীত কৌৰ, স্মৃতি মান্ধনাহঁতৰ বিশাখাপট্টনমত শিবিৰ আৰম্ভ হৈছে। ভাৰতীয় দলটোৱে তাতেই বিশ্বকাপৰ প্ৰস্তুতি আৰম্ভ কৰি দিছে।