গিলৰ ‘শুভ’ উত্থান: বাবৰক পিছ পেলাই ৰেংকিঙৰ শীৰ্ষত, শীৰ্ষস্থান পুনৰুদ্ধাৰ ছিৰাজৰ

আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটাৰ পিছৰ পৰাই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি আগবঢ়াই অহা প্ৰদৰ্শনৰ ফল লাভ কৰিছে ভাৰতৰ উদীয়মান অপেনিং বেটাৰ শুভমন গিলে।

ভাৰতীয় ক্ৰিকেটৰ প্ৰিন্স খ্যাত তাৰকাগৰাকীয়ে প্ৰথমবাৰৰ বাবে এদিনীয়া ফৰ্মেটত বেটাৰ ৰেংকিঙৰ শীৰ্ষ স্থান লাভ কৰিছে। পাক তাৰকা বাবৰ আজমক পিছলৈ ঠেলি শীৰ্ষাৰোহণ কৰে গিলে।

আজি প্ৰকাশ পোৱা নতুন ৰেংকিং তালিকাত শীৰ্ষস্থানপ্ৰাপ্ত গিলে ৮৩০টা ৰেটিং পইণ্ট লাভ কৰাৰ বিপৰীতে বাবৰ আজমে ৮২৪ পইণ্টেৰে দ্বিতীয় স্থানত থাকে।

কেৰিয়াৰৰ ৪১ তম ইনিংছত ৰেংকিঙৰ শীৰ্ষ স্থানত অধিষ্ঠিত হৈ গিলে এই কৃতিত্ব অৰ্জন কৰা দ্বিতীয় দ্ৰুততম বেটাৰ ৰূপে পৰিগণিত হয়। ভাৰতৰ প্ৰাক্তন তাৰকা ধোনীয়ে ৩৮ সংখ্যক ইনিংছতে লাভ কৰিছিল এই সাফল্য।

লক্ষনীয়ভাৱে চলিত বৰ্ষত এদিনীয়াৰ লগতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী হিচাপে শীৰ্ষত আছে গিল।

বেটাৰৰ ৰেংকিঙত ভাৰতৰ অভিজ্ঞ তাৰকাদ্বয় ক্ৰমে কোহলী ৭৭০ ৰেটিং পইণ্টেৰে চতুৰ্থ আৰু ৰোহিত শৰ্মা ৭৩৯ ৰেটিং পইণ্টেৰে ষষ্ঠ স্থানত আছে।

ইফালে, চলিত বছৰটোত বল হাতত লৈ চমকপ্ৰদ প্ৰদৰ্শনৰ ধাৰা অব্যাহত ৰখা মহম্মদ ছিৰাজে পুনৰুদ্ধাৰ কৰিছে এদিনীয়া বলাৰ ৰেংকিঙৰ শীৰ্ষস্থান।

পাকিস্তানৰ পেচাৰ শ্বাহিন শ্বাহ আফ্ৰিদীক অতিক্ৰমি ৰেংকিঙৰ শীৰ্ষস্থানত পুনৰ উপনীত হয় ভাৰতীয় পেচাৰগৰাকী। শেহতীয়াকৈ নিউজিলেণ্ডৰ বিপক্ষে মেচত অত্যন্ত খৰচী স্পেলৰ ফলত শীৰ্ষৰ পৰা পঞ্চম স্থানলৈ অৱনতি ঘটে আফ্ৰিদীৰ।

ৰেংকিঙৰ শীৰ্ষ দহৰ ভিতৰত থকা আন তিনিজন ভাৰতীয় বলাৰ হৈছে ক্ৰমে কুলদীপ যাদৱ, যশপ্ৰীত বুমৰাহ আৰু মহম্মদ ছামি। কুলদীপ যাদৱে চতুৰ্থ, বুমৰাহে অষ্টম আৰু ছামিয়ে দশম স্থান লাভ কৰিছে এই তালিকাত।