এছ আই কেলেংকাৰী: বিজেপিৰ দুৰ্নীতিৰ দোকানৰ গ্ৰাহক কোন? নাম প্ৰকাশ কৰিলে বৰপেটা জিলা কংগ্ৰেছে

1222

“বিজেপিৰ দুৰ্নীতিৰ দোকানৰ গ্ৰাহক প্ৰাক্তন কংগ্ৰেছী ৰকিবুল ইছলাম ৷ বিজেপিয়ে দুৰ্নীতিৰ দোকান খুলিছে বাবেহে একাংশ লোক সেই দোকানৰ গ্ৰাহক হৈছে ৷” এই তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াইছে বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি শান্তনু শৰ্মাই ৷

বৰপেটা জিলা কংগ্ৰেছৰ নেতা ৰকিবুল ইছলামৰ নাম এচ আই পৰীক্ষা কেলেংকাৰীত সাঙোৰ খোৱাৰ পিছতে আজি বৰপেটা ৰাজীৱ ভৱনত এক সংবাদ মেলৰ আয়োজন কৰে কংগ্ৰেছ দলে ৷

এছ আই পৰীক্ষা কেলেংকাৰীৰ অন্যতম মূল অভিযুক্ত তথা বিজেপি নেতা দিবন ডেকাক মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চিনি নাপাও বুলি কোৱা কথাৰ প্ৰসংগ উত্থাপন কৰি বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি গৰাকীয়ে কয়- “আমি বিজেপিৰ নিচিনা নহয়, আমি চিনি পোৱা মানুহক চিনি নাপাও বুলি নকও ৷”

জিলা কংগ্ৰেছৰ সভাপতি গৰাকীয়ে পুনৰ কয় যে, এছ আই পৰীক্ষা কেলেংকাৰীত নাম সাঙোৰ খোৱা ৰকিবুল ইছলাম পূৰ্বতে জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক আছিল ৷

পঞ্চায়ত নিৰ্বাচনৰ সময়ত জিলা পৰিষদৰ সদস্য পদৰ প্ৰাৰ্থিত্ব বিচাৰি পদত্যাগ কৰিছিল ৰকিবুল ইছলামে ৷

পঞ্চায়ত নিৰ্বাচনৰ পিছৰ পৰা ৰকিবুল ইছলাম কংগ্ৰেছৰ কোনো পদবীত নাই বুলি তেওঁ স্পষ্ট কৰি দিয়ে ৷

জিলা কংগ্ৰেছৰ সভাপতি গৰাকীয়ে লগতে কয় যে, প্ৰকৃতাৰ্থত চৰকাৰখনে নিযুক্তিৰ নামত এখন দুৰ্নীতিৰ দোকানহে খুলিছে ৷ এই দুৰ্নীতিৰ দোকানত একাংশ লোকে যিদৰে গ্ৰাহকৰ ৰূপত অৱতীৰ্ণ হৈছে ঠিক একেদৰে ৰকিবুল ইছলামেও গ্ৰাহকৰ ৰূপত অবতীৰ্ণ হোৱা বুলি তেওঁ মন্তব্য কৰে ৷

সংবাদমেলত জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক আফতাবউদ্দিন, জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা প্ৰদেশ কংগ্ৰেছৰ আৰ টি আই বিভাগৰ উপাধ্যক্ষ ত্ৰৈলোক্য পাঠক, সম্পাদক নিতুল দাস আদিও উপস্থিত থাকে ৷