কোনো কাৰণতে শিৱসাগৰৰ উন্নয়ন স্থবিৰ হ’বলৈ দিয়া নহ’ব; ৰংঘৰৰ সন্মুখত সেৱা লৈ বিধায়ক অখিল গগৈৰ হুংকাৰ

FB_IMG_1625245106072

শুকুৰবাৰে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ প্ৰথমবাৰৰ বাবে উপস্থিত হয় ঐতিহাসিক শিৱসাগৰত। শিৱসাগৰত উপস্থিত হৈয়ে ঐতিহাসিক ৰংঘৰৰ সন্মুখত সেৱা জনাই অখিল গগৈৰ হুংকাৰ কোনো কাৰণতে শিৱসাগৰৰ উন্নয়ন স্থবিৰ হবলৈ দিয়া নহব। তেওঁ লগতে কোনো দিনে দুৰ্নীতিত লিপ্ত নহয় বুলিও প্ৰতিশ্ৰুতি দিয়ে।

ৰংঘৰ বাকৰিত অনুষ্টুপীয়াকৈ অনুষ্ঠিত এখন সম্বৰ্দ্ধনা সভাত তেওঁ কয়,  জিএমচিএইচৰ পৰা সমষ্টিলৈ আহিবলৈ বিশেষ অনুমতি লৈ তেওঁ আজি শিৱসাগৰত উপস্থিত হৈছে।

পাঁচ দিন শিৱসাগৰত কটাই শিৱসাগৰবাসীৰ সমস্যাৰ বিষয়ে বুজ লোৱাৰ লগতে বিভিন্ন অঞ্চল পৰিদৰ্শন কৰিব বুলি জানিবলৈ দিয়ে বিধায়কগৰাকীয়ে।

সাংবাদিকক সম্বোধন কৰি বিধায়ক গৰাকীয়ে কয় যে শিৱসাগৰ সমষ্টিৰ ৰাইজৰ মৰম আৰু সন্মান দেখি অভিভূত হৈছো। শিৱসাগৰ সমষ্টিৰ ৰাইজে মোক জয়যুক্ত কৰি যিখিনি কৰিবলগীয়া আছিল কৰিলে। এতিয়া মোৰ কাম মই কৰিম।

শিৱসাগৰ সমষ্টিক মুখ্যমন্ত্ৰীৰ সমষ্টিৰ দৰে অগ্ৰগতি প্ৰদান কৰিম। এনে কৰিবলৈ যাওঁতে যদি কোনো মন্ত্ৰী আমোলাই মোক বাধা প্ৰদান কৰে তেন্তে তাৰ বিৰুদ্ধে কি ব্যৱস্থা মই গ্ৰহণ কৰিম তাক ৰাইজে দেখিব।

সমষ্টিৰ সামগ্ৰিক উন্নয়ন মোৰ প্ৰথম কাম হ’ব। শিৱসাগৰখনক হেৰিটেজ চিটিৰূপে ঘোষণা কৰা মোৰ প্ৰাথমিক কাম মই ইতিমধ্যে কৰিছো। সেইদৰে শিৱসাগৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰাৰ চেষ্টা কৰিম।

সেইদৰে শিৱসাগৰ সমষ্টিৰ সকলো সমস্যা চিনাক্ত কৰি সেই সমূহৰ সমাধানৰ চেষ্টা পৰ্যমানে কৰা হ’ব। তদুপৰি, শিৱসাগৰখনক এক বৌদ্ধিক কেন্দ্ৰলৈ পৰিণত কৰা হ’ব। মই আজি শিৱসাগৰলৈ আহিছো। ইতিমধ্যে সমষ্টিৰ উন্নয়নৰ বাবে বহু কেইখন সমিতি গঠন কৰি দিয়া হৈছে। এই সমিতি সমূহৰ পৰা তথ্য সংগ্ৰহ কৰি মোৰ কাৰ্য মই আৰম্ভ কৰিম।

বিভিন্ন চৰকাৰী বিভাগৰ বিষয়াক এতিয়াৰে পৰা শান্তিত থাকিবলৈ দিয়া নহ’ব। এই চৰকাৰী বিভাগ সমুহে যদি শিৱসাগৰৰ উন্নয়ন ঠিক মতে নকৰে, তেতিয়া প্ৰত্যেকটো বিভাগক জোকাৰি দিয়া হব।

তেওঁ, কয়, এই কথা ৰংঘৰৰ বাকৰিৰ সন্মুখত ঠিয় হৈ প্ৰতিশ্ৰুতি দিছো আৰু অসম চৰকাৰক সকীয়াই দিছো, যাতে শিৱসাগৰৰ উন্নয়নত কোনেও বিধি পথালি দিব চেষ্টা নকৰে।

শিৱসাগৰৰ গৰাখহনীয়াৰ সমস্যা, বানপানীৰ সমস্যা, নগৰৰ কৃত্ৰিম বানৰ সমস্যা আদি সমস্যাবিলাক সমাধানৰ বাবে চেষ্টা কৰিব বুলি মন্তব্য কৰে অখিল গগৈয়ে।

সমষ্টিবাসীক তেওঁ কয়, ”কোনো কাৰণত মোক আপোনালোকে ছাৰ বুলি মাতিব নালাগে। হয় মোক অখিল গগৈ, অখিল, ককাইদেউ বুলি মাতিব, ভাইটি বুলি মাতিব, দাদা বুলি মাতিব। কিন্তু ছাৰ বুলি মতাৰ কোনো প্ৰয়োজন নাই”।

ইয়াৰ পিছতেই প্ৰিয় বিধায়ক গৰাকীক ৰাইজৰ দলৰ শিৱসাগৰ সমষ্টিৰ কাৰ্যালয়লৈ ঢোলে ডগৰে আদৰি আনে তেওঁৰ সমৰ্থকসকলে।