NORTHEAST NOW (Assamese)

শিৱসাগৰৰ যুৱক অভিজিতৰ আন এক উদ্ভাৱন; সাজি উলিয়ালে ৰিচাৰ্জেবল এল ই ডি বাল্ব

April 26, 2020 6:44 am · পার্শ্বজোতি গগৈ
অভিজিতে উদ্ভাৱন কৰা এল ই ডি বাল্ব জোনবাই।ফটো: নর্থইষ্ট নাও

কেওফালে এতিয়া লকডাউন। গৃহবন্দী দেশৰ জনতা। এই লকডাউনতে বহুজনে ঘৰতে থাকি বিভিন্ন ধৰণে ব্যস্ত ৰাখিছে নিজকে।

লকডাউনৰ এই সময়তে অসমৰ বজাৰলৈ আহিছে জোনবাই। এইবাৰ জোনবাইয়ে কেৱল পৃথিৱীকে নহয়, উজ্বলাই তুলিব আপোনাৰ মোৰ ঘৰো। কিন্তু কি এই ‘জোনবাই’।

শিৱসাগৰৰ মেটেকাঘাটৰ এইজন যুৱক। নাম অভিজিৎ দুৱৰা। নিজৰ প্ৰতিভাৰ জডিয়তে অভিজিতে সময় আৰু পৰিস্থিতি সাপেক্ষে সাজি উলিয়াইছে বহু যন্ত্ৰ।

এইবাৰ অভিজিতে সাজি উলিয়াইছে ৰিচাৰ্জেবল এল ই ডি বাল্ব। এবাৰ চাৰ্জ দিলে সম্পূৰ্ণ তিনিঘণ্টা জ্বলিব এই ৰিচাৰ্জেবল এল ই ডি বাল্বটো।

অভিজিতে এই এল ই ডি বাল্বটো ‘জোনবাই’ নামেৰে নামাঙ্কিত কৰিছে।

ইনভাৰ্টাৰ কিনিব নোৱাৰা বহু দুখীয়া পৰিয়াল এই ৰিচাৰ্জেবল এল ই ডি বাল্বটোৰ জড়িয়তে উপকৃত হব বুলি জানিবলৈ দিয়ে অভিজিতে।

‘জোনবাইৰ’ৰ উদ্ভাৱক অভিজিত দুৱৰা।ফটো: নৰ্থইষ্ট নাও

৪৯৫ টকাৰ পৰা ৬৯৫ টকাৰ মূল্যৰ এই ৰিচাৰ্জেবল এল ই ডি বাল্বে সৰ্বসাধাৰণ ৰাইজৰ মাজত সমাদৰ লাভ কৰিব বুলি আশাবাদী অভিজিত।

উল্লেখ্য যে দৈনিক ন’ ন’ যন্ত্ৰ উদ্ভাৱন কৰা অভিজিতে কিছুদিন পূৰ্বে কৰ’না ভাইৰাছৰ সৈতে যুঁজিবলৈ ভি ফাইটাৰ নামৰ তিনিবিধ যন্ত্ৰ উদ্ভাৱন কৰি বিশেষ চৰ্চালৈ আহিছিল।

আনহাতে, আজিৰ পৰা প্ৰায় ৫ বছৰ মানৰ আগতেই অভিজিতে সাজি উলিয়াইছিল ৰাজহুৱা স্থানত ব্যৱহাৰ কৰিব পৰা “পৰিষ্কাৰ টইলেট”। হাতৰ পৰিৱৰ্তে ভৰিৰে ফ্লাচ বা পানীৰ টেপ ব্যৱহাৰ কৰিব পৰা এই ‘পৰিষ্কাৰ টইলেট’ বৰ্তমান কৰ’না আতংকৰ সময়ত ব্যৱহাৰৰ উপযোগী বুলি জানিবলৈ দিয়ে অভিজিতে।

অভিজিতৰ ন ন উদ্ভাৱনক লৈ সমগ্ৰ শিৱসাগৰবাসীয়ে প্ৰশংসা কৰাৰ লগতে যুৱকজনৰ উজ্বল ভৱিষ্যত কামনা কৰিছে।

Related News