NORTHEAST NOW (Assamese)

চকলেট খাই অসুস্থ শিশু! প্ৰস্ৰাৱ পৰীক্ষাৰ প্ৰতিবেদন দেখি চিন্তিত চিকিৎসক, তদন্ত আৰম্ভ আৰক্ষীৰ

March 2, 2025 4:17 pm · এন ই নাও নিউজ, গুৱাহাটী

বিদ্যালয়ৰ পৰা উভতি অহাৰ পাছতে অসুস্থ হৈ পৰিছে এটি শিশু। চাৰি বছৰীয়া শিশুটিৰ স্বাস্থ্য ক্ৰমান্বয়ে অৱনতি ঘটিবলৈ ধৰিলে। পুত্ৰৰ শাৰীৰিক অৱস্থা দেখি চিন্তিত হৈ পৰে মাতৃ। ততাতৈয়াকৈ তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হ’ল। জানিব পৰা মতে, স্কুলত চকলেট খোৱাৰ পাছতেই এই সমস্যা আৰম্ভ হৈছিল। চিকিৎসকে শিশুটিৰ প্ৰস্ৰাৱ পৰীক্ষা কৰি ‘ক্ষতিকাৰক পদাৰ্থৰ নমুনা উদ্ধাৰ কৰে। ঘটনা সন্দৰ্ভত কেৰালা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

সংবাদ সংস্থা পিটিআইৰ তথ্য অনুসৰি যোৱা ১৭ ফেব্ৰুৱাৰীত স্কুলৰ পৰা ঘৰলৈ উভতি অহাৰ পাছত অসুস্থ হৈ পৰে এগৰাকী চাৰি বছৰীয়া ছাত্ৰ। মাকক কলে যে চকলেট খোৱাৰ পিছৰে পৰা তেওঁৰ মূৰ ঘূৰোৱা যেন লাগিছে। মাতৃগৰাকীয়ে পুত্ৰক এৰনাকুলামৰ এখন চিকিৎসালয়লৈ লৈ যায়। তেওঁৰ শাৰীৰিক পৰীক্ষাৰ অন্তত চিকিৎসকে কয় যে তেওঁৰ প্ৰস্ৰাৱত বেনজডাইজেপিন নামৰ ক্ষতিকাৰক পদাৰ্থ পোৱা গৈছে।

এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। তদন্তকাৰীয়ে এতিয়াও নাজানে যে শিশুটিয়ে কেনেকৈ আৰু কাৰ পৰা চকলেটটো লাভ কৰিছিল। আৰক্ষীয়ে জনোৱা মতে, শিশুটিৰ পৰিয়ালে কাৰো বিৰুদ্ধে লিখিত এজাহাৰ দাখিল কৰা নাই। কিন্তু প্ৰাৰম্ভিক তদন্তৰ অন্তত দেখা গৈছে যে বিদ্যালয় কৰ্তৃপক্ষই গাফিলতি কৰা নাছিল।

বিদ্যালয়ৰ দাবী, বন্ধৰ পাছত শিশুটিক ককাকে লৈ গৈছিল। তেতিয়াও তেওঁ সুস্থ আছিল। নাতিৰ বাবে চকলেট কিনিছিল নে নাই সেয়া স্পষ্ট হোৱা নাই। চিকিৎসকে জনোৱা মতে, উচ্চ ৰক্তচাপৰ বাবে শিশুটিক কিছুদিন আই চি ইউত ৰাখিব লগা হৈছিল।

উল্লেখ্য যে, চকলেট খাই শিশুটি অসুস্থ হৈ পৰা ঘটনাক গুৰুত্বসহকাৰে লৈছে কেৰালা প্ৰশাসনে। শিশুটিয়ে কেনেকৈ চকলেটটো পালে, চকলেট খাই কোনো ধৰণৰ শাৰীৰিক সমস্যাত ভুগিছে ​​নেকি, যদি হৈছে তেন্তে চকলেটত কি আছিল সেই বিষয়ে তদন্ত চলি আছে। এজন তদন্তকাৰী বিষয়াই জনোৱা মতে, শিশুটিয়ে প্ৰথমে কয় যে তেওঁ মাকৰ পৰা চকলেটটো পাইছিল। কিন্তু পুত্ৰৰ কথা অস্বীকাৰ কৰিলে মাতৃয়ে।

Related News