টীয়কৰ ৰোগগ্ৰস্ত শিক্ষিত যুৱক প্ৰবীণক প্ৰয়োজন হৃদয়বান লোকৰ সহায়ৰ

Screenshot_2020-12-30

ধাৰাবাহিক বানপানীত থানবান হোৱা এটা পৰিয়ালৰ সন্তান ,নাম প্ৰবীণ দত্ত।

ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে  নিমাতি অঞ্চলত থকা সপোনৰ ঘৰখন উটুৱাই নিয়াৰ পাছত চৰকাৰে পৰিয়ালটোক সংস্থাপন কৰিছিল  যোৰহাট জিলাৰ টীয়কৰ কলিয়াপানীত ।

বহু কষ্টৰে পৰিয়ালটোৱে ডাঙৰ দীঘল কৰি উচ্চ শিক্ষিত কৰিছিল প্ৰবীণক । মাক দেউতাকৰ কষ্টৰ ফল অৱশ্যে প্ৰবীণে লাভ কৰিবলৈ সক্ষম হৈছিল।

দৰিদ্ৰতাৰ বাধা নেওচি প্ৰবীণে উচ্চ শিক্ষা লাভ কৰি টীয়কৰ এখন ব্যক্তিগত বিদ্যালয়ত কাৰ্যনিৰ্বাহ কৰি পৰিয়ালটোক সকাহ দিছিল ।

শেহতীয়াকৈ অসম চৰকাৰৰ টেট শিক্ষকৰ স্থায়ী পদত আজিৰ পৰা চাৰি মাহ পূৰ্বে নিযুক্তি লাভ কৰিছিল প্ৰবীণে । দৰিদ্ৰ ঘৰখনলৈ নামি আহিছিল আনন্দ ।

কিন্তু হঠাৎ যেন কাল অমানিশা নামি আহিল পৰিয়ালটোলৈ।

অতি কম দিনৰ ভিতৰতে অভাৱনীয় ভাৱে প্ৰবীণৰ দুয়োটা কিডনী বিকল হৈ পৰা বুলি চিকিৎসকে ঘোষণা কৰাৰ লগে লগে যেন সৰগ ভাঙি পৰিল পৰিয়াল টোৰ মূৰৰ ওপৰত ।

হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া পিতৃক সকাহ দিব পৰাকৈ প্ৰবীণে জীৱন যাত্ৰাত আগবাঢ়োতেই সন্মুখীন হ’ব লগা হৈছে কঠোৰ বাস্তৱৰ সৈতে ।

ইতিমধ্যে সাঁচতীয়া ধনেৰে চিকিৎসা আৰম্ভ কৰিছে যদিও প্ৰবীণক এতিয়া প্ৰয়োজন বৃহৎ পৰিমাণৰ অৰ্থৰ ।

দৰিদ্ৰ পৰিয়ালটোয়ে বহন কৰিবলৈ সক্ষম নহয় এই অৰ্থ ।

সেয়ে প্ৰবীণ আৰু তেওঁৰ নি:সহায় মাতৃয়ে সহৃদয় ৰাইজৰ পৰা বিচাৰিছে সহযোগিতা ।

ইচ্ছুক সকলে এচ বি আইৰ টীয়ক শাখাত থকা 30397156043 নম্বৰ,IFSC  SBIN0001718 সহায়ৰ হাত আগবঢ়াব পাৰিব বুলি জানিবলৈ দিছে পৰিয়ালটোৱে।

প্ৰবীণদত্তৰ (9101512054) মোবাইল নম্বৰতো যোগাযোগ কৰিব পাৰিব বুলি জানিবলৈ দিছে l