দ্বাদশ শ্ৰেণীৰ ইতিহাসৰ গ্ৰন্থত ডাঙৰ পৰিৱৰ্তন; হৰপ্পাই দেশৰ প্ৰাচীনতম সভ্যতা, আৰ্য অনুপ্ৰৱেশক লৈ সন্দেহ

প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

শৈশৱৰ পৰাই পৰিচিত পৰম্পৰাগত ধাৰণাটোৰ বাহিৰলৈ ওলাই আহিল ভাৰতৰ প্ৰাচীন ইতিহাস। দ্বাদশ শ্ৰেণীৰ ইতিহাস পুথিখনত ​​প্ৰতিফলিত হ’বলৈ গৈ আছে এই কথা। য’ত কোৱা হৈছে, হৰপ্পা সভ্যতা ভাৰতৰ থলুৱা সভ্যতা। নতুন পাঠ্যক্ৰমত আৰ্যসকলৰ ভাৰত আগমনৰ ওপৰতো সন্দেহ উত্থাপন হৈছে।

নেচনেল কাউন্সিল ফৰ এডুকেচনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং বা চমুকৈ এনচিইআৰটিয়ে দ্বাদশ শ্ৰেণীৰ ইতিহাসৰ কিতাপত এই উল্লেখযোগ্য পৰিৱৰ্তন সাধন কৰিছে। ‘সিন্ধু সভ্যতাৰ উৎপত্তি আৰু পতন’ অধ্যায়ত কৰা হৈছে এই পৰিৱৰ্তন। এই সংশোধিত আৰু সম্প্ৰসাৰিত সংস্কৰণটো ২০২৪-২৫ শিক্ষাবৰ্ষৰ ইতিহাসৰ পাঠ্যপুথিত প্ৰৱৰ্তন কৰা হৈছে। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডকো (চিবিএছই) এই সন্দৰ্ভত অৱগত কৰা হৈছে।

লগতে পঢ়কঃ জ্যেষ্ঠ অধিবক্তাৰ স্বীকাৰোক্তি! “মই হুইস্কিৰ অনুৰাগী” : উচ্চতম ন্যায়ালত উঠিল হাঁহিৰ জোৱাৰ

এনচিইআৰটিয়ে হৰপ্পা সভ্যতাৰ ‘ব্ৰিকছ, বিডছ এণ্ড বোনছ’ অধ্যায়ত ‘Themes in India History Part One’ ত এই পৰিৱৰ্তন কৰিছে। শেহতীয়াকৈ ভাৰতৰ প্ৰত্নতাত্ত্বিক জৰীপৰ এক সমীক্ষাৰ ভিত্তিত এই শিতানত আগৰ কিছুমান শাৰী বাদ দি নতুন সংযোজন কৰা হৈছে। এই সংযোজনে হৰপ্পা সভ্যতাৰ ৫০০০ বছৰীয়া নিৰৱচ্ছিন্ন ধাৰাবাহিকতাক গুৰুত্ব আৰোপ কৰিছে।

শেহতীয়াকৈ হাৰিয়ানাৰ ৰাখীগড়ীত সিন্ধু সভ্যতাৰ শিল্পকৰ্মৰ প্ৰাচীন ডি এন এ পৰীক্ষাত আৰ্য্য অনুপ্ৰৱেশৰ সম্ভাৱনা নুই কৰা হৈছে। পুৰাতত্ত্ববিদসকলৰ মতে হৰপ্পা সভ্যতা আৰু বৈদিক যুগৰ লোকসকল সমসাময়িক বা একেইনে সেই সম্পৰ্কে বিতং গৱেষণাৰ প্ৰয়োজন। গৱেষণাৰ পৰা এইটোও জানিব পৰা গৈছে যে হাৰাপ্পাত গণতান্ত্ৰিক ব্যৱস্থাৰ কিছুমান নিয়ম কাৰ্যকৰী আছিল। ইয়াৰ ভিত্তিত এনচিইআৰটিয়ে তিনিটা খণ্ড যোগ কৰিছে। কোৱা হৈছে যে এই অঞ্চলৰ প্ৰাচীন বাসিন্দা হ’ল হৰপ্পান জনগোষ্ঠী। আৰ্যৰ অনুপ্ৰৱেশৰ সম্ভাৱনা ক্ষীণ।

লগতে পঢ়কঃভয়ানক! উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ সন্মুখতে ডিঙি কাটিলে এজন ব্যক্তিয়ে

হৰপ্পাৰ জিনীয় শিপা খ্ৰীষ্টপূৰ্ব ১০,০০০ চনৰ পৰাই আৰম্ভ হয়। আজিও তেওঁলোকৰ ডি এন এ অক্ষত আছে। কোৱা হয় যে দক্ষিণ এছিয়া অঞ্চলৰ জনসংখ্যাৰ অধিকাংশই তেওঁলোকৰ উত্তৰসূৰী। আৰু এটা বাক্য যোগ কৰা হৈছে, য’ত কোৱা হৈছে যে এইক্ষেত্ৰত অধিক গৱেষণাৰ প্ৰয়োজন আছে। কাৰণ, একাংশ পণ্ডিতে হৰপ্পা আৰু বৈদিক যুগৰ মানুহ একে বুলি দৃঢ়ভাৱে বিশ্বাস কৰে। তেওঁলোকৰ মাজৰ সম্পৰ্ক অন্বেষণ কৰিবলৈ অধিক গৱেষণাৰ প্ৰয়োজন।