অষ্ট্ৰেলিয়াত নিজৰ এক মহান কৰ্মৰে বিশ্বজুৰি প্ৰশংসিত হৈছে ভাৰতীয় মূলৰ এগৰাকী শিখ নাগৰিক। নিজৰ সততাৰ বাবে তেওঁ এতিয়া দখল কৰিছে সংবাদ শিৰোনাম।
এই শিখ ভদ্ৰলোকজন মেলবৰ্ণত তিনি দশকৰো অধিক সময় ধৰি টেক্সি চালক হিচাপে কৰ্মৰত।
প্ৰকাশিত খবৰ অনুসৰি চৰণজিৎ সিং আটৱাল নামৰ এই লোকজনৰ টেক্সিত এগৰাকী যাত্ৰীয়ে অজানিতে থৈ গৈছিল প্ৰায় ৮,০০০ অষ্ট্ৰেলিয়ান ডলাৰ।
ভাৰতীয় টকাৰ হিচাপত এই ধনৰাশিৰ মূল্য প্ৰায় ৪.৫৩ লাখ টকা। ইমান বৃ্হৎ পৰিমাণৰ ধন লাভ কৰিয়ো পিছে আটৱালে ধনখিনি ৰাখি থোৱাৰ কথা নাভাবিলে।
তাৰ পৰিৱৰ্তে নিজৰ মহানুভৱতাৰ পৰিচয় দি তেওঁ লগে লগে নগদ ধনখিনি আৰক্ষীৰ ওচৰলৈ লৈ যায় আৰু আৰক্ষীক গটাই দিয়ে।
এনে কাৰ্যৰ পিছত ধনখিনিৰ গৰাকীৰ পৰা কোনো পুৰস্কাৰ লাভ কৰ নেকি বুলি সোধা হৈছিল চৰণজিৎ সিং আটৱালক।
এই প্ৰশ্নৰ উত্তৰত আটৱালে এনে কামৰ বাবে তেওঁক পুৰস্কাৰৰ কোনো প্ৰয়োজন নাই বুলি মন্তব্য কৰে।
আটৱালৰ এই কাহিনী ইণ্টাৰনেটত দ্ৰুতগতিত ভাইৰেল হৈ পৰে। তেওঁৰ এই কাৰ্যক প্ৰশংসা আৰু কৃতজ্ঞতাৰে উপচাই পেলায় নেটিজেনসকলে।