ছিকিমত ভয়ংকৰ ঘটনা : ভূমিস্খলনৰ ফলত ভাঙি পৰিল তিস্তা নদীৰ জলবিদ্যুৎ প্ৰকল্পৰ অংশ

ছিকিমত হৈছে ভয়ংকৰ ভূমিস্খলন। এই ভূমিস্খলনৰ ফলত তিস্তা নদীৰ জলবিদ্যুৎ প্ৰকল্পৰ এটা বৃহৎ অংশ ভাঙি যায়। অৱশ্যে এই ভূমিস্খলনৰ বাবে কোনো লোক হতাহতিৰ হোৱা নাই।

মঙলবাৰে সংঘটিত হোৱা এই ঘটনাৰ ভিডিঅ’ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

জানিব পৰা মতে, মঙলবাৰে পুৱা ছিকিমৰ বালুটা অঞ্চলত এই ভূমিস্খলন সংঘটিত হয়। স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, পাহাৰ লাগোয়া ৰাষ্ট্ৰীয় জলবিদ্যুৎ শক্তি নিগমৰ তিস্তা ষ্টেজ ৫ৰ মথাউৰি ভাঙি পৰে।

ভাইৰেল ভিডিঅ’টোত ভূমিস্খলনৰ বাবে জলবিদ্যুৎ কেন্দ্ৰটোৰ ওপৰত পাহাৰৰ এক বৃহৎ অংশ ভাঙি পৰা দেখা গৈছে।

এইখিনিতে মন কৰিবলগীয়া যে যোৱা কেইসপ্তাহমানৰ ভিতৰত জলবিদ্যুৎ কেন্দ্ৰটোৰ সমীপৱৰ্তী অঞ্চলটোত কেইবাটাও ভূমিস্খলন সংঘটিত হৈছে। ফলত ৫১০ মেগাৱাট জলবিদ্যুৎ উৎপাদন কৰা এই উদ্যোগটোক লৈ উদ্বেগ বাঢ়ি আহিছিল। যাৰ বাবে জনা গৈছে যে নিৰাপত্তাজনিত কাৰণত শ্ৰমিকসকলক পূৰ্বেও অঞ্চলটোৰ পৰা আঁতৰাই দিয়া হৈছিল। ফলত কোনো লোক হতাহতিৰ খবৰ পোৱা নগ’ল। অৱশ্যে এই ঘটনাক লৈ আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ।