যোৰহাট জিলাৰ টীয়কৰ অন্যতম সামাজিক অনুষ্ঠান অনিৰ্বাণ সাংস্কৃতিক গোষ্ঠী টীয়কৰ উদ্যোগত সাহিত্য চ’ৰা,চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়,টীয়ক শাখা সাহিত্য সভা আৰু টীয়ক কবি সন্মিলনৰ সহযোগত টীয়কৰ গুৱালগাঁৱস্থিত সুধাকন্ঠ ড° ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত আজি শিল্পী দিৱস অনুষ্ঠিত কৰা হয়।
উক্ত কাৰ্যসূচীৰ লগত সংগতি ৰাখি শিল্পী গৰাকীক প্ৰথমেই সমৱেত সকলোৱে শ্ৰদ্ধাৰে স্মৰণ কৰি এক অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত কৰে।
লগতে অনিৰ্বাণৰ উদ্যোগত টীয়ক চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা ড° কৰবী গগৈয়ে ৰাইজৰ সহযোগত হাতে লিখা আলোচনী ‘জ্যোতিৰ জিলমিল জোনাক’ নামৰ এখনি আলোচনী উন্মোচন কৰে l
উল্লেখযোগ্য যে অনিৰ্বাণ সাংস্কৃতিক গোষ্ঠী য়ে ১৯৮৭ চন অৰ্থাৎ সাংস্কৃতিক গোষ্ঠীটোৰ জন্মলগ্নৰ পৰাই প্ৰতিবছৰেই শিল্পী জ্যোতি প্ৰসাদলৈ সন্মান প্ৰদৰ্শন কৰি নিৰবিচ্চিন্নভাৱে আজিৰ দিনটোত উদযাপন কৰি আহিছে শিল্পী দিৱস।
অনুষ্ঠানত উপস্থিত বিভিন্নজনে শিল্পীগৰাকীৰ অকৃত্ৰিম কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰি নৃত্য, কবিতা,গীতৰে এক সুন্দৰ পৰিবেশ গঢ়ি তোলে।
লগতে মহান তিনিও কালৰ শিল্পীগৰাকীৰ জাতীয় চেতনা বৰ্তমান প্ৰজন্মৰ বাবে অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে বুলি অনুধাৱন কৰি শ্ৰীমন্ত শংকৰদেৱ,মাধৱদেৱকে প্ৰমুখ্য কৰি জ্যোতি-বিষ্ণুৰ পৰা সুধাকন্ঠলৈকে প্ৰতিজন মনিষীৰ গুণ গৰিমাৰ চৰ্চা অব্যাহত ৰাখিবলৈ উদ্যোক্তাসকলে সকলোকে আহ্বান জনায় ।