NORTHEAST NOW (Assamese)

কণ্ঠশিল্পী ভিতালী দাসৰ পিছতে জ্যেষ্ঠ ভাতৃৰো মৃত্যু : শোকস্তব্ধ উত্তৰ গুৱাহাটী

April 26, 2021 2:32 pm · এন ই নাও নিউজ

কিছুদিন পূৰ্বে মৃত্যু হোৱা অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ভিতালী দাসৰ জ্যেষ্ঠ ভাতৃ পৰাগ দাসৰো মৃত্যু হৈছে।

সোমবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছে পৰাগ দাসৰ।

বিভিন্ন ৰোগত আক্ৰান্ত হৈ থকা পৰাগ দাস কণিষ্ঠ ভগ্নী ভিতালী দাসৰ মৃত্যুৰ দিনাই বাৰ্থৰুমত পৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল।

আঘাতপ্ৰাপ্ত পৰাগ দাসক চিকিৎসাৰ বাবে ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল আৰু চিকিৎসাধীন অৱস্থাতে আজি পৰাগ দাসৰ মৃত্যু হয়।

পৰিালয়ৰ লোকে প্ৰকাশ কৰা অনুসৰি ভগ্নীৰ মৃত্যুৰ খবৰ লাভ কৰি মানসিকভাৱে ভাঙি পৰিছিল পৰাগ দাস। মানসিকভাৱে ভাঙি পৰা পৰাগ দাসে নিজৰৰ সন্তোলন ৰক্ষা কৰিব নোৱাৰি নিজা বাসগৃহৰ বাৰ্থৰূমত পৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল।

ইফালে প্ৰকাশিত খবৰ অনুসৰি পৰাগ দাসৰ পত্নী আৰু পুত্ৰ বৰ্তমান কৰোনাত আক্ৰান্ত হৈ শিঙিমাৰী কোভিড চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীৰ পিছতে জ্যেষ্ঠ ভাতৃ পৰাগ দাসৰ মৃত্যুৰ খবৰে শোকস্তব্ধ কৰি তুলিছে উত্তৰ গুৱাহাটী।

উল্লেখ্য যে একাংশ সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি পৰাগ দাস কৰোনাত আক্ৰান্ত হৈছিল।

Related News