চি পি আই আৰু চি পি আই-এমৰ সাধাৰণ সম্পাদক ক্ৰমে দি ৰাজা আৰু সীতাৰাম য়েচুৰিক জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত আটক কৰাৰ বিৰুদ্ধে শুকুৰবাৰে গুৱাহাটীত কমিউনিষ্টসকলে প্ৰতিবাদ জনায়।
ৰাজ্যপালক আগমনৰ উদ্দেশ্য পত্ৰযোগে “আগতীয়াকৈ জনোৱা”ৰ পিছতো দুয়ো কমিউনিষ্ট নেতাক আটক কৰা ঘটনাক প্ৰতিবাদী দলকেইটাই “অগণতান্ত্ৰিক আৰু স্বৈৰাচাৰী” কাণ্ডৰূপে অভিহিত কৰিছে।
নেতা দুজন গৈছিল জম্মু-কাশ্মীৰৰ বিধায়ক, চি পি আই-এমৰ কেন্দ্ৰীয় সমিতিৰ সদস্য ইউচুফ তাৰিগামীৰ খবৰ ল’বলৈ, প্ৰতিবাদী কমিউনিষ্ট দল চি পি আই, চি পি আই-এম আৰু চি পি আই-এম এলৰ যৌথ বিবৃতিত প্ৰকাশ।
কিন্তু, নেতা দুজনক শ্ৰীনগৰ বিমান বন্দৰতে আটক কৰি পুনৰ ঘূৰাই পঠোৱা হয়।
তাৰোপৰি বন্দী কৰি ৰখা বিধায়ক তাৰিগামীকো মুকলি কৰি দিবলৈ দলকেইটাই দাবী জনাইছে।
“ইউচুফ তাৰিগামী অসুস্থ। অসুস্থ অৱস্থাতে তেখেতক গ্ৰেপ্তাৰ কৰি ৰাখিছে,” বিবৃতিত প্ৰকাশ।
দলকেইটাৰ আহ্বানত গুৱাহাটী ক্লাবৰ ৰ’টাৰিত দুই শতাধিক লোক সমবেত হয় আৰু তেওঁলোকে দীঘলীপুখুৰী পাৰলৈকে প্ৰতিবাদী সমদল বাহিৰ কৰে।
প্ৰতিবাদটোৰ শ্ল’গান আছিল “সংবিধান ভংগ কৰা নচলিব, বিৰোধী দলৰ নেতাক গ্ৰেপ্তাৰ কৰা স্বৈৰাচাৰী নীতি বাতিল কৰক, জম্মু-কাশ্মীৰ ৰাজ্য ভংগৰ সিদ্ধান্ত বাতিল কৰক” ইত্যাদি।
প্ৰতিবাদী সমদলৰ পূৰ্বে সমাৱেশথলীত তেওঁলোকে এক চমু সভা অনুষ্ঠিত কৰে।
ইন্দিৰা গান্ধীৰ কংগ্ৰেছ আমোলৰ জৰুৰীকালীন অৱস্থাৰ অভিজ্ঞতাপুষ্ট চি পি আই-এম নেতা হেমেন দাসে কয় যে বৰ্তমান জৰুৰী অৱস্থাতকৈ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে।
“জৰুৰী অৱস্থাৰ সময়ত টেলিফোন বন্ধ কৰা নাছিল। কিন্তু মোদী চৰকাৰে মোবাইল সেৱা, টেলিফোন, ইণ্টাৰনেট, ৰেডিঅ’, টিভি বন্ধ কৰি চৰম স্বৈৰাচাৰী শাসনৰ নিদৰ্শন দাঙি ধৰিছে,” মোদী চৰকাৰে দেশখনক আন্ধাৰৰ দিশলৈ নিব বিচাৰিছে বুলি উল্লেখ কৰি প্ৰবীন নেতা দাসৰ বক্তব্য।
“আমি বাওঁপন্থীসকলে দেশখনক পোহৰৰ ফালে অনাৰ বাবে সংগ্ৰামত নামিছো। এই সংগ্ৰাম শক্তিশালী কৰিব লাগিব।”
চি পি আই-এমৰ ৰাজ্যিক সম্পাদক দেবেন ভট্টাচাৰ্য্যই আঁত ধৰা সভাত চি পি আইৰ বাবুল চৌধুৰী আৰু চি পি আই (এম-এল)ৰ পংকজ দাসে বক্তব্য ৰাখে।
প্ৰতিবাদত চি পি আই-এম নেতা তথা প্ৰাক্তন সাংসদ উদ্ধৱ বৰ্মন, কেন্দ্ৰীয় কমিটিৰ সদস্য সুপ্ৰকাশ তালুকদাৰ, ৰাজ্যিক নেতা টিকেন দাস, ইচফাকুৰ ৰহমান, অজিত দাস, শতঞ্জীৱ দাস আৰু চি পি আই নেতা চক্ৰেশ্বৰ কলিতা, জয়ন্ত গগৈ আদি উপস্থিত আছিল।