নিৰ্বাচন সম্পৰ্কত সাংবাদিকৰে গুৰুত্বপূৰ্ণ বৈঠক শিৱসাগৰ জিলা উপায়ুক্তৰ

IMG-20190319-WA0010

শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্য্যালয়ত অনুষ্ঠিত হোৱা বৈঠকৰ ফটো।

১১ এপ্ৰিলত ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া প্ৰথম পৰ্য্যায়ৰ লোকসভা নিৰ্বাচন সন্দৰ্ভত আজি শিৱসাগৰ জিলা উপায়ুক্ত ডাঃ এছ লক্ষ্মণনে সংবাদ মাধ্যমৰ লগত এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশ লয়। ৰাতিপুৱা ১১ বজাত জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ চ্যুকাফা সভাকক্ষত অনুষ্ঠিত বৈঠকত নিৰ্বাচন সমন্ধীয় বিভিন্ন তথ্য দাঙি ধৰা হয়।

২০১৪ বৰ্ষৰ তুলনাত ২০১৯ বৰ্ষৰ নিৰ্বাচনত জিলাখনত ৫২ শতাংশ ভোটদানৰ হাৰ বৃদ্ধি পাব বুলি আশা কৰে উপায়ুক্ত গৰাকীয়ে। চৰকাৰী তথ্য অনুসৰি শিৱসাগৰ নিৰ্বাচনী জিলাত মুঠ ৫০৬ টা ভোটগ্ৰহণ কেন্দ্ৰ আছে। ইয়াৰে শিৱসাগৰত ১৯৬ টা, আমগুৰিত ১৬৬ টা, থাওৰাত ১৪৪ টা আৰু নাজিৰাত ১৪০ টা ভোটগ্ৰহণ  কেন্দ্ৰ আছে।

আনহাতে, জিলাখনৰ ৮৪ টা ভোট গ্ৰহণ কেন্দ্ৰ স্পৰ্শকাতৰ বুলি চিনাক্ত কৰা হৈছে। শিৱসাগৰ জিলাত মুঠ ভোটাৰৰ সংখ্যা প্ৰায় ৩ লাখ ৭৩ হাজাৰ বুলি মন্তব্য কৰে উপায়ুক্ত গৰাকীয়ে।

আগন্তুক লোকসভা নিৰ্বাচনত নিৰ্বাচনী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ প্ৰায় ২৮৫০ গৰাকী চৰকাৰী কৰ্মচাৰী নিয়োগ কৰা হৈছে।

উল্লেখযোগ্য যে, ভোটাৰৰ সুবিধা তথা ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে শিৱসাগৰ জিলা প্ৰশাসনে ইতিমধ্যে জিলাখনৰ বিভিন্ন স্থানত সজাগতা কাৰ্য্যসূচী অনুষ্ঠিত কৰিছে। শিৱসাগৰ  মহাবিদ্যালয়, ডিমৌ ছোৱালী মহাবিদ্যালয়, আউনীআতি  হেমচন্দ্ৰ মহাবিদ্যালয়ত এনে কাৰ্য্যসূচী ৰূপায়ণ কৰা হৈছে। ডিমৌৰ আঠাবাৰী চাহ বাগিচাৰ এটা ভোটদান সজাগতা শিৱিৰত ৰাইজৰ বিপুল সহাৰি লাভ কৰা বুলি জিলা উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে।

আনহাতে, নিৰ্বাচনী আয়োগে আগন্তুক লোকসভা নিৰ্বাচনত সংবাদ মাধ্যমৰ ওপৰতো চোকা দৃষ্টি ৰাখিব বুলি উপায়ুক্ত গৰাকীয়ে মন্তব্য কৰি সংবাদকৰ্মী সকলক পেইড নিউজ প্ৰচাৰ কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়।

বৈঠকত উপস্থিত থাকি শিৱসাগৰ জিলা আৰক্ষী অধীক্ষক অমিতাভ সিনহাই নিৰ্বাচনৰ সময়ত জিলাখনৰ নিৰাপত্তাৰ দিশত আৰক্ষী প্ৰশাসনে চোকা দৃষ্টি ৰাখিব বুলি মন্তব্য কৰে। বিশেষকৈ নাগালেণ্ডৰ সীমান্ত গাঁও সমূহত আৰক্ষীয়ে নিৰাপত্তা দিশটো অধিক কতকতীয়া কৰি তুলিব বুলি কয় অধীক্ষক গৰাকীয়ে।

বৈঠকত শিৱসাগৰ জিলাৰ সাংবাদিক সকলৰ লগতে জিলাখনৰ নিৰ্বাচনী বিষয়া জগদীশ ব্ৰহ্ম আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়া চৈয়দা হাচনাহানা উপস্থিত থাকে।