প্ৰশাসনৰ উদ্যোগত প্ৰথমবাৰৰ বাবে শিৱসাগৰত পক্ষী নিৰীক্ষণ কাৰ্যসূচী আয়োজিত

শিৱসাগৰ জিলা প্ৰশাসনে জিলাখনৰ পৰ্যটন খণ্ডৰ বিকাশ আৰু প্ৰসাৰৰ বাবে গ্ৰহণ কৰা “Soulful Sivasagar” অভিযানৰ নৱতম পদক্ষেপ পক্ষী নিৰীক্ষণ কাৰ্যসূচী আজি জিলাখনৰ ঐতিহাসিক পহুগড়ত আয়োজন হয়।

জিলা প্ৰশাসনৰ উদ্যোগত আৰু জৈৱ বৈচিত্ৰ্য আৰু প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত জড়িত স্বেচ্ছাসেৱী অনুষ্ঠান “আৰণ্যক”ৰ সক্ৰিয় সহযোগত ঐতিহাসিক পহুগড়ত পুৱা ৬:৩০ বজাৰ পৰা আয়োজিত পক্ষী নিৰীক্ষণ কাৰ্যসূচীত ভালে সংখ্যক ছাত্ৰ-ছাত্ৰী আৰু টুৰিষ্ট গাইড সকলে অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই।

ছাত্ৰ-ছাত্ৰীসকলক পদ্ধতিগত ভাৱে পক্ষী চিনাক্ত কৰা আৰু নিৰীক্ষণ কৰাৰ বিষয়ে প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে শিৱসাগৰলৈ দেশ-বিদেশৰ পৰা অহা পৰ্যটকসকলক কেনেদৰে পক্ষী নিৰীক্ষণ কৰোৱা হ’ব সেই সন্দৰ্ভত বিশেষভাৱে প্ৰশিক্ষণপ্ৰাপ্ত টুৰিষ্ট গাইডসকলক আভাস দিয়া হয় এই কাৰ্যসূচীত।

শিৱসাগৰৰ বিভিন্ন পৰ্যটন তথা ঐতিহাসিক ক্ষেত্ৰসমূহক বিশ্বৰ আগত দাঙি ধৰাৰ উদ্দেশ্যে পুৱা পহুগড়ত থকা জলাশয়ত বসতি স্থাপন কৰা বহুকেইটা প্ৰজাতিৰ পক্ষী নিৰীক্ষণ কৰা হয় আৰু পক্ষীসমূহৰ প্ৰকাৰ,আচৰণ তথা সংৰক্ষণৰ ওপৰত আৰণ্যকৰ বিষয়-ববীয়া সকলে বক্তব্য আগবঢ়ায়।

এই কাৰ্যসূচীত আৰণ্যকৰ প্ৰগ্ৰাম চেক্ৰেটাৰী বিভূতি প্ৰসাদ লহকৰ, আৰণ্যকৰ হস্তী গৱেষণা আৰু সংৰক্ষণ বিভাগৰ প্রৱন্ধক অৰিফ হুছেইন আৰু Jungle Travels India -ৰ পক্ষী আৰু বন্যপ্ৰাণী দৰ্শন বিভাগৰ প্রৱন্ধক আবিদূৰ ৰহমানে সমল ব্যক্তি হিচাপে প্ৰশিক্ষণ প্রদান কৰে।

অসম তথা দেশৰ পৰ্যটন মানচিত্ৰত শিৱসাগৰক এক সুকীয়া স্থান দিয়াৰ উদ্দেশ্যে জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই হাতত লোৱা এই বিশেষ পদক্ষেপে আজি বিপুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হয়।

এই অনুষ্ঠানত শিৱসাগৰ জিলাত বিশেষ চৰকাৰী কামত আহি উপস্থিত হোৱা  ৰাষ্ট্ৰীয় কীৰ্তিচিহ্ন প্ৰাধিকৰণ (National Monuments Authority) -ৰ অধ্যক্ষ তৰুণ বিজয় আৰু ৰাজ্যিক পুৰাতত্ব বিভাগৰ সঞ্চালিকা দীপিৰেখা কৌলিও উপস্থিত থাকে।

ৰাষ্ট্ৰীয় কীৰ্তিচিহ্ন প্ৰাধিকৰণৰ অধ্যক্ষ গৰাকীয়ে জিলা প্ৰশাসনৰ উদ্যোগৰ আন্তৰিকতাৰে শলাগ লৈ কয় যে এনেধৰণৰ প্ৰয়াস অব্যাহত ৰাখিলে পহুগড়ে নিশ্চিত ভাৱে এছিয়াৰ ভিতৰত প্ৰথম “জৈৱ বৈচিত্ৰ্য কীৰ্তিচিহ্ন”ৰ মৰ্যাদা লাভ কৰিবলৈ সক্ষম হ’ব।

উল্লেখযোগ্য যে পহুগড়ৰ সংৰক্ষণৰ বাবে জিলা প্ৰশাসনে ইতিমধ্যে ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত এই অঞ্চলত পূৰ্বতে চলি থকা বনভোজ, মাছ ধৰা, চিকাৰ কৰা, আৱৰ্জনা পেলোৱা আৰু লাউড স্পীকাৰ বজোৱা ইত্যাদি কাৰ্য্য নিষিদ্ধ কৰিছে।

জিলা প্ৰশাসনে সময়ে সময়ে পক্ষী নিৰীক্ষণ কাৰ্যসূচী অব্যাহত ৰখাৰ লগতে অতি সোনকালে জিলাখনৰ জলাশয়, আদ্ৰভূমি আৰু ঐতিহাসিক কীৰ্তিচিহ্ন সমূহৰ দাঁতিকাষৰীয়া অঞ্চলত শীতকালৰ পক্ষী সমূহৰ জৰীপ কৰাৰ বাবে এক কাৰ্যসূচী গ্ৰহণ কৰিব।