শিৱসাগৰত ক’ৰ’না ভাইৰাছ প্ৰতিৰোধৰ উদ্দেশ্যে পৰ্যটন বিভাগৰ সজাগতা সভা

IMG-20200318-WA0000

ফটো : নৰ্থ-ইষ্ট নাও

ক’ৰ’না ভাইৰাছৰ বিশ্বজুৰি সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে মঙলবাৰে শিৱসাগৰ জিলা পৰ্যটন বিভাগৰ উদ্যোগত স্থানীয় বৰপুখুৰী পাৰত অৱস্থিত পৰ্যটন তথ্য কেন্দ্ৰত এখনি সজাগতা সভাৰ আয়োজন কৰা হয়।

এই সজাগতা সভাত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি জিলা যক্ষ্মা ৰোগ বিষয়া ডাঃ উদয়াদিত্য ৰাজকোঁৱৰে নভেল ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ল’বলগীয়া সতৰ্কতামূলক ব্যৱস্থাৱলীৰ বিষয়ে বিস্তৃতভাৱে অৱগত কৰে।

তেওঁ কাঁহ-চৰ্দিৰ লগতে জ্বৰত আক্ৰান্ত লোকসকলক চিকিৎসালয়লৈ নি স্বাস্থ্য পৰীক্ষা কৰাবলৈ আহ্বান জনোৱাৰ উপৰি জনসাধাৰণক নিজৰ দুয়োখন হাত যিমান পাৰি সঘনাই চাবোনেৰে ধুই পৰিষ্কাৰ কৰি ৰখা, চকু-কাণ-নাক হাতেৰে স্পৰ্শ কৰাৰ পৰা পাৰ্যমানে বিৰত থকা, হাঁচি-কাঁহ-চৰ্দি হৈ থকা লোকৰ সংস্পৰ্শৰ পৰা কমেও এক মিটাৰ দূৰত্ব বজাই ৰখাৰ দৰে সতৰ্কতামূলক অভ্যাসৰ বিষয়ে জনায়।

তদুপৰি, তেওঁ এই সময়ছোৱাত প্ৰতিগৰাকী লোককে খালী পেট বা ভোকত নাথাকি নিয়মীয়াকৈ প্ৰ’টিন-ভিটামিনযুক্ত সুষম, পুষ্টিকৰ আহাৰ খাই শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ পৰামৰ্শ দিয়ে। তদুপৰি ৰাইজক ভীতিগ্রস্ত নহ’বলৈও তেওঁ আহ্বান জনায়।

তেওঁ লগতে ক’ৰ’না ভাইৰাছ সম্পৰ্কে পৰামৰ্শ বা তথ্যৰ বাবে স্থানীয় আৱৰ্ত ভৱনত স্থাপন কৰা নিয়ন্ত্ৰণ কক্ষৰ সৈতে ১০৭৭ (টোল ফ্রী), ০৩৭৭২-২২৩৩৯৭ আৰু ৮৪৭১৮-৬৪৩৫৫ নম্বৰত যোগাযোগ কৰিবলৈও ৰাইজক আহ্বান জনায়।

সভাত সহকাৰী পৰ্যটন তথ্য বিষয়া মাধৱ দাস, এপিডে’মলজিষ্ট ময়ুৰী বৈশ্য, পৰ্যটন তথ্য কেন্দ্ৰৰ কৰ্মচাৰীসকল, ভালেসংখ্যক টুৰিষ্ট গাইড, ট্যুৰ অপাৰেটৰ, ট্ৰেভেল এজেন্টৰ উপৰি গৰিষ্ঠসংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকে।